ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমৰ লোকসভা আৰু বিধান সভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে যি খচৰা প্ৰকাশ কৰিছিল সেই খচৰাক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিবাদ। উজনি অসমৰ দুটাকৈ সমষ্টি কৰ্তন আৰু ৰাজনৈতিক লাভালাভৰ বাবে বিজেপিয়ে সমষ্টিসমূহৰ সীমা পৰিৱৰ্তন কৰাক লৈ এই প্ৰতিবাদ অব্যাহত আছে।
সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলিত এক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰা বাতিল কৰিবলৈ দাবী জনায়। আমগুৰি সমষ্টিৰ বিলুপ্তকৰণ আৰু শিৱসাগৰ সমষ্টিৰ জনগাঁথনি ব্যাপক ৰূপত সাল-সলনি কৰাক লৈ শিৱসাগৰৰ দ'লমুখ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সমৰ্থকে হাতত বেনাৰ ফেষ্টুন লৈ চৰকাৰ বিৰোধী শ্ল’গান প্ৰদান কৰি প্ৰস্তাৱিত খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে কাৰণ নোহোৱাকৈ বাধা প্ৰদান কৰাৰ অভিযোগ আনিছে ছাত্র মুক্তিয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক শাৰিৰীক ভাবে বাধা প্ৰদান কৰাৰ লগতে গণতান্ত্ৰিক পদ্ধতিৰে কৰা আন্দোলনৰ ওপৰত উদ্দেশ্য প্ৰণোদিত ভাবে জঁপিয়াই পৰাৰ অভিযোগ উত্থাপন কৰিছে।
যাৰ বাবে চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে ছাত্র মুক্তিয়ে প্ৰতিবাদৰ সময়ত 'অসম পুলিচ গ' বেক' শ্ল’গানো দিয়ে। আনহাতে খচৰা প্ৰসংগত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নেতা পৰাশৰ কোঁৱৰে এইয়া বিজেপিৰ পৰিকল্পনাত ভাৰতৰ নিৰ্বাচনী আয়োগৰ প্ৰৰোচনা বুলি মন্তব্য কৰে।
তেওঁ কয় যে, এই পুনৰ নিৰ্ধাৰণৰ খচৰাই প্ৰকৃততে খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব। উজনি অসমৰ পৰা কৰ্তন কৰা দুয়োটা সমষ্টি খিলঞ্জীয়াৰ আছিল। কিন্তু এই দুটা সমষ্টি কৰ্তন কৰা হৈছে। আহোমসকলক ৰাজনৈতিক ভাবে দুৰ্বল কৰিবলৈ এই খচৰা প্ৰস্তুত কৰা হৈছে। সেয়েহে অসমৰ খিলঞ্জীয়া লোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰাক কোনো কাৰণত মানি নলয় বুলি কোঁৱৰে মত প্ৰকাশ কৰে।
Also Read: এলানি দাবীৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক 'ইটছা'ৰ...