শিৱসাগৰৰ ডায়গন'ষ্টিকচ কেন্দ্ৰত উতপ্ত পৰিস্থিতি

আছুৰ বিষয়ববীয়াই জাবাবদিহি কৰিলে স্বত্বাধিকাৰীক

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ ডায়গন'ষ্টিকচ কেন্দ্ৰত উতপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰৰ এটা ব্যক্তিগত লেবৰেটৰীত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে সঞ্জীৱনী ডায়গনষ্টিকচ কেন্দ্ৰই। এই অভিযোগ তুলি জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি সচেতন লোকসকল। ৰোগীক  ভুল ৰিপ’ৰ্ট প্ৰদান কৰাৰ অভিযোগ উঠিছে সঞ্জীৱনী ডায়গন'ষ্টিকচৰ বিৰুদ্ধে।

উত্থাপিত অভিযোগ অনুসৰি ২২ অক্টোবৰত শিৱসাগৰৰ নামতি অঞ্চলৰ সৰুমাই বৰা নামৰ মহিলাগৰাকীৰ চুগাৰ, কিডনী, লিভাৰ আদিৰ পৰীক্ষা কৰোৱা হৈছিল। উক্ত পৰীক্ষাৰ ৰিপ’ৰ্ট প্ৰত্যক্ষ কৰি চিকিৎসকে মহিলাগৰাকীৰ চুগাৰকে ধৰি কিডনী আৰু লিভাৰৰ জটিলতা থকা বুলি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়। 

ইফালে মাতৃৰ অসুখৰ জটিলতাৰ কথা গম পাই পুত্ৰই উন্নত চিকিৎসাৰ বাবে ৫ দিনৰ পাছত ডিব্ৰুগড়ৰলৈ লৈ যায়। ডিব্ৰুগড়তো পুনৰ অনুৰূপ পৰীক্ষা কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ৰ লেবৰেটৰীত কৰা পৰীক্ষাৰ ৰিপ’ৰ্ট আৰু শিৱসাগৰৰ ডায়গনষ্টিকচ কেন্দ্ৰটোৰ ৰিপ’ৰ্ট মাজত ওলাল বৃহৎ পাৰ্থক্য।

ডিব্ৰুগড়ৰ এখন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কৰা স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্ট পৰীক্ষা কৰি চিকিৎসকে মহিলাগৰাকীৰ স্বাস্থ্যত কোনো জটিলতা নাই বুলি উল্লেখ কৰি তেওঁক ৰিলিজ দিয়ে। তাৰ পাছতে আছুৰ বিষয়ববীয়া আৰু সৰুমাই বৰাৰ পুত্ৰই সঞ্জীৱনী ডায়গনষ্টিকচ নামৰ প্ৰতিষ্ঠানখনত উপস্থিত হৈ স্বত্বাধিকাৰীক জবাবদিহি কৰে। 

আনহাতে সঞ্জীৱনী ডায়গ’নষ্টিকচৰ স্বতাধিকাৰীয়ে উল্লেখ কৰে যে কোনো ৰোগীৰ পৰীক্ষা শিৱসাগৰত কৰা নহয়। ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি এডিলাচ নামৰ প্ৰতিষ্ঠানখনলৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰাহে ৰিপ’ৰ্টসমূহ প্ৰেৰণ কৰে। এই সন্দৰ্ভত এডিলাচ কৰ্তৃপক্ষক অৱগত কৰা বুলি দায়সৰা মন্তব্য আগবঢ়াই স্বত্বাধিকাৰীয়ে। 

ইফালে, এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষলৈ আহ্বান জনাইছে আছুৰ বিষয়ববীয়াই। ৰোগীৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও সকিয়নী দিছে ছাত্ৰ সংগঠনটোৱে। সামগ্ৰীকভাৱে উক্ত ঘটনাকলৈ সচেতন মহলতো চেপা উত্তেজনাই বিৰাজ কৰিছে।

Also Read: নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰ- জাডেজাৰ আকৰ্ষণীয় বলিং : ২৩৫ ৰানতে অল আউট আলহী দল

ALL ASSAM STUDENT UNION Diagnostic Centre