শিৱসাগৰ আৰক্ষীৰ ২০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ চাৰি জনক আটক...

এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ আৰক্ষীৰ ২০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ চাৰি জনক আটক...

শিৱসাগৰ আৰক্ষীৰ ২০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ চাৰি জনক আটক...

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰত আজি এখন বিলাসী গাড়ীৰ পৰা ২০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি আৰু মইদুল ইছলামে অতি তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযান চলাই এই ড্ৰাগছ জব্দ কৰে।

জানিব পৰা মতে যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS-01-AR-1122 নম্বৰৰ পল বাহনখন ভটীয়াপাৰৰ পৰা খেদি আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ প্ৰগতি চাৰিআলিৰ সমিপত আগচি ধৰিবলৈ সক্ষম হয়।

বাহনখনত দুজন যুৱক, এগৰাকী মহিলা আৰু এগৰাকী যুৱতী আৰোহী হিচাপে আছিল।ড্ৰাগছ সৰবৰাহ কেইগৰাকী ক্ৰমে পাৰভেজ হুছেইন(গোলাঘাট),নিৰ্জুল হুছেইন(মৰিগাঁঁৱৰ গৰিয়া গাঁও), অমিৰবান বিবি(মৰিগাঁঁৱৰ গৰিয়া গাঁও), ৰিজবিনা আহমেদ(মৰিগাঁও গৰিয়া গাঁও) ৷

বাহনখনৰ পৰা ১০ টা চাবোনৰ কেছত ১২৩.৯৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছ লগতে বাহনখন জব্দ কৰে ৷ তদুপৰি নগদ ধন আৰু মোবাইল জব্দ কৰে।

Also Read: বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ বিক্ষোভ...

ড্ৰাগছ বিৰোধী অভিযান