-
শিৱসাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা ।
-
শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ দুৰ্ঘটনাৰ কথমপি ৰক্ষা পৰিল পথচাৰী।
-
বুধবাৰে সংঘটিত এই ঘটনা।
-
বলিয়াঘাট জি জি এছ ১ ৰ খৰাগড়লৈ AS 20 2114 নম্বৰৰ এখন ট্ৰেলাৰে কঢ়িয়াই নিছিল অ এন জি চিৰ বৃহৎ আকাৰৰ পাইপ ।
-
বৃহৎ পাইপ বান্ধি নিনিয়াৰ ফলতেই জয়সাগৰ তিনিআলিত ট্ৰেলাৰখনৰ পৰা চলন্ত অৱস্থাতে পাইপডাল বাগৰি পৰি পথৰ দাঁতিৰ এটা বৈদ্যুতিক খুটা মহতিয়াই লৈ যায় ।
-
ঘটনাটোত কোনোলোক হতাহত হোৱা নাই যদিও অ এন জি চি কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ।
-
পাইপ কঢ়িয়াই নিয়া ট্ৰেলাৰখনৰ ফিটনেচৰ ম্যাদ উকলাৰ পাছতো ব্যবহাৰ কৰি আছে অ এন জি চি কৰ্তৃপক্ষই।
Also Read: ডুবাইত আৱদ্ধ যাত্ৰীৰ মুখত হাঁহি : বিমান কৰ্তৃপক্ষই দিলে সেউজ সংকেত