ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰৰ পহুগঁড়ত এজন প্ৰকৃতিপ্ৰেমীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সৰ্পবন্ধু খ্যাত ব্যক্তিজনৰ নাম বিশ্বজিৎ বৰুৱা(৪৭)। তেওঁৰ ঘৰ জয়সাগৰৰ জয়ানগৰ অঞ্চলত ৷ ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বিশ্বজিৎ বৰুৱাৰ মৃতদেহ।
উল্লেখ্য যে,বৰুৱাক এখন টেবুলত আঠুকাঢ়ি থকালৈ লক্ষ্য কৰি ৰাইজে এই ঘটনাক আত্মহত্যাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷ জানিব পৰা মতে, বুধবাৰে নিশা ৮ বজাত তেওঁ ঘৰৰ পৰা উলাই গৈছিল ৷ নিশা ১২ বজাত এজন যুৱকে পৰিয়ালৰ লোকলৈ ফোন কৰি বিশ্বজিতে আত্মহত্যা কৰা বুলি জানিবলৈ দিছিল৷
Also Read: ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্টলৈ এনাজৰী বঁটা ২০২৪...