ডিজিটেল সংবাদ,শিৱসাগৰ: চৰাইদেউ মৈদামত কাম কৰি থকা ১৩গৰাকী শ্ৰমিকক নিশা মাৰপিট কৰি খেদি পঠোৱা ঘটনাৰ আঁৰত বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ূৰ বৰগোহাঁই জড়িত থকা বুলি উত্থাপিত অভিযোগকলৈ সৰ্বত্ৰে বিতৰ্কৰ সূচনা হৈছে৷ দেওবাৰেএই সন্দৰ্ভত শিৱসাগৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি ময়ূৰ বৰগোহাঁইক ক্ষুৰধাৰ সমালোচনা কৰে।
বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াক সমালোচনা কৰা পিছত আজি তেওঁক প্ৰত্যুত্তৰ দিয়া উদ্দেশ্যে কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰে।বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে সংবাদমেল আয়োজন কৰি উত্থাপন কৰা অভিযোগ খণ্ডন কৰে শিৱসাগৰ জিলা কংগ্ৰেছে।
ময়ূৰ বৰগোহাঁইয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰি জিলা কংগ্ৰেছে কয় যে, শিৱসাগৰৰ ৰাজপথত অনা অসমীয়াই নাবালিকা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ নিৰ্যাতন চলোৱা ঘটনাত দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বিষয়ে সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল ময়ূৰ বৰগোহাঁয়ে। অভিযোগ খণ্ডন কৰি শিৱসাগৰ জিলা কংগ্ৰেছে স্পষ্ট কৰি দিয়ে যে দেবব্ৰত শইকীয়াই ঘটনাত জড়িত দুৰ্বৃত্তক প্ৰথম পৰ্যায়তে আটক কৰা হ’লে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহ'ল হেতেন বুলি স্পষ্ট কৰি দিছিল৷
এই সংবাদমেলৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁয়ে কয় যে, মুখ্যমন্ত্ৰী গৰাকীক কুচিয়াৰা নদীৰ কাষত থকা পাঁচ কিলোমিটাৰ এলেকাত কাঁটা তাঁৰৰ বেৰ সম্পূৰ্ণ কৰা, ১৬ হাজাৰ কোটি টকা ধন ব্যয় কৰি পেলাই থোৱা এন আৰ চি শীঘ্ৰেই কাৰ্য্যক্ষম কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনোৱা হ'ল। ময়ূৰ বৰগোহাঁয়ে প্ৰকৃততে যদি খিলঞ্জীয়া ৰক্ষাৰ কথা চিন্তা কৰে তেন্তে তেওঁ বনুৱাক মাৰধৰ কৰাতকৈ খিলঞ্জীয়াৰ অধিকাৰৰ বাবে কাম কৰক বুলি কংগ্ৰেছী নেতা সকলে ব্যক্ত কৰে ৷
কংগ্ৰেছ আৰু দেবব্ৰত শইকীয়া মিঞা জনগোষ্ঠীৰ প্ৰতি সহানুভূতিশীল বুলি ময়ূৰ বৰগোহাঁইয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি জিলা কংগ্ৰেছে কয় যে, শ্বেৰমান আলীয়ে মিঞা জনগোষ্ঠীৰ হকে মাত মতাৰ নামত পৰিবেশ বিনষ্ট কৰাৰ বাবে তেওঁক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। এতিয়াও মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বেৰমান আলীৰ সৈতে সু সম্পৰ্ক ৰক্ষা কৰি চলিছে। মিঞা জনগোষ্ঠীৰ বিষয়ে চৰ্চা কৰাত বিজেপি, শ্বেৰমান আলী আৰু এ আই ডি এফ দল হে অধিক জড়িত। কংগ্ৰেছ দলে নিজকে সদায়েই ইয়াৰ পৰা আঁতৰাই ৰখাৰ উপৰিও ধৰ্ম নিৰপেক্ষ,সম অধিকাৰ আৰু সাংবিধানিক মৰ্যাদা অটুট ৰখাৰ গুৰুত্ব আৰোপ কৰি আহিছে।
কংগ্ৰেছী নেতা সকলৰ স্পষ্ট কথা, দেৱব্রত শইকীয়া অনুপ্ৰৱেশকাৰী নাইবা অবৈধ বাংলাদেশীৰ প্ৰতি সহানুভূতিশীল নহয়। খিলঞ্জীয়া অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে দেবব্ৰত শইকীয়াই সদায়েই ৬ নং দফা ৰূপায়নৰ বাবে দাবী জনাই আহিছে।
চাওলুং চুকাফা মৈদামত আগ্ৰাসন সন্দৰ্ভত দেবব্ৰত শইকীয়াই নীৰৱ ভূমিকা পালন কৰা বুলি ময়ূূৰ বৰগোহাঁয়ে কৰা মন্তব্যৰ উত্তৰ দি জিলা কংগ্ৰেছে কয় যে চাওল্যুং চুকাফা মৈদামে আনুষ্ঠানিক স্বীকৃতি নোপোৱাৰ বাবে বিষয়টো বিধানসভাত উত্থাপন কৰা অসম্ভৱ। দেবব্ৰত শইকীয়া এজন দায়িত্বশীল বিধায়ক হিচাপে কেৱল বাস্তৱিকভাবে সঠিক আৰু স্বীকৃতিপ্ৰাপ্ত বিষয়েহে উত্থাপন কৰে।
উল্লেখ্যে যে, উক্ত সংবাদ মেলখনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অজয় গগৈ,মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইকে আদি কৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Also Read: ৩ গৰাকী বৰেণ্য শিক্ষাবিদক বঁটা প্ৰদানৰ ঘোষণা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ