সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান সম্পন্ন

সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বন"ৰ সহযোগত বৃহস্পতিবাৰে সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানতেই 'দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বন'ৰ সৌজন্যত কৃতী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান কৰা হ'য়। শিৱসাগৰ  চহৰৰ যুৱদল প্রেক্ষাগৃহত অনুষ্ঠিত এই বক্তৃতা আৰু জলপানি প্ৰদান অনুষ্ঠানৰ আঁত ধৰে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক  খলিলুৰ ৰহমান হাজৰিকাই। 

প্ৰেছ ক্লাবৰ সভাপতি  ড০ সব্যসাচী মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখনি মুকলি সভা। সভাত দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বন'ৰ অধ্যক্ষা ড০ অংকিতা দত্ত, প্ৰাগ নিউজৰ অধ্যক্ষা  অক্ষতা নাৰায়ণ, শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত বিতুপন নেওগ, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে, শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড০ নিৰুপমা মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ পৌৰনেত্ৰী মৃণালিনী কোঁৱৰৰ উপস্থিত থাকে ৷

 "সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী ঊনবিংশ সংখ্যক বক্তৃতানুষ্ঠান"ৰ মূল বিষয় "নৱ প্ৰজন্মৰ বাবে জীৱনৰ অৰ্থৰ সন্ধান’ৰ  নিৰ্দিষ্ট বক্তা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক ড০ প্রাঞ্জল বুঢ়াগোঁহায় উপস্থিত থকা মুকলি সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাবৰ সভাপতি ড০ সব্যসাচী মহন্তই। সভাপতি গৰাকীয়ে  কয় যে, ১৯৯৩ চনৰ ১১ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ প্ৰেছ ক্লাবে প্ৰায় তিনিটা দশক অতিক্ৰম কৰিছে।

এই তিনি দশকত শিৱসাগৰ প্ৰছ ক্লাবে কেৱল বিভিন্ন সংবাদ সংস্থা সমূহৰ সৈতে জড়িত থকা সংবাদকৰ্মী সকলৰ উত্তৰণৰ ক্ষেত্ৰতে কাম কৰি যোৱা নাই,  সমাজৰ সতে জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ক্লাবে কাম কৰি গৈছে। বৰ্তমান ১৯ টা বৰ্ষলৈকে শিৱসাগৰ প্ৰেছ ক্লাবে সমাজসেৱীকা অঞ্জলী দত্ত ৰ সোঁৱৰণ আৰু শেহতীয়াকৈ অধ্যাপক শৰৎ মহন্তৰ সোঁৱৰণত  স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে ৷

এইবাৰ বক্তৃতাৰ  বিষয়  ছাত্র ছাত্ৰীৰ শৈক্ষিক দিশ, জীৱন দৰ্শন আৰু সামাজিক দায়বদ্ধতাৰ সৈতে জড়িত। যিহেতু কাৰোবাৰ বাবে জীৱন অনুপম আৰু কাৰোবাৰ বাবে জীৱন সংগ্ৰাম। বৰ্তমান এই ডিজিটেল যুগত ছাত্ৰ ছাত্ৰীৰ লগতে বহু অভিভাৱকে ডিজিটেল পদ্ধতিটোৰ সৈতে জীয়াই থাকিব বিচাৰে।

কিন্তু ডিজিটেল পৃথিৱীৰ কৃত্ৰিমতাই কেতিয়াও এক সুস্থিৰ জীৱনক গতি দিব নোৱাৰে। এনে কৃত্ৰিমতাই সফলতা লাভ কৰিলেও আচলতে প্ৰতিজন এনে সফল ব্যক্তি সুখী নহয়  বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে প্ৰবীণ ৰাজনীতিক তথা অসম চৰকাৰৰ বিগত সময়ত সফল মন্ত্ৰী ৰূপে পৰিচিত প্ৰয়াত অঞ্জন দত্তয়েও ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ উন্নত কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছিল। সমান্তৰাল ভাৱে তেওঁ সংবাদ মাধ্যমৰ সৈতে একত্ৰিত হৈ সমাজৰ বহু গুৰুত্বপূৰ্ণ কৰ্মত আগভাগ লৈছিল। আনকি শিৱসাগৰ প্ৰেছ ক্লাৱৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰয়াত ৰাজনীতিবিদ গৰাকীয়ে এক বিশেষ ভূমিকা পালন কৰিছিল বুলি ড০ মহন্তই উল্লেখ কৰে।

   সভাপতি গৰাকীৰ আদৰণি ভাষণৰ পিছতেই সমাজসেৱিকা অঞ্জলী দত্ত সোঁৱৰণী  বক্তৃতানুষ্ঠান"ৰ মূল বক্তা অধ্যাপক ড০ প্রাঞ্জল বুঢ়াগোঁহাইয়ে  নিজৰ  কয় যে - আমি দৈনন্দিন জীৱনত নিজকে জীয়াই ৰাখিবৰ বাবে যি সমূহ সা-সামগ্ৰী, আচবাব, খাদ্য সম্ভাৰ ব্যৱহাৰ কৰি আহিছোঁ এই বিলাক হ'ল আমাৰ প্ৰত্যকৰে জীৱনলৈ অহা একোটাকৈ উপহাৰ। যদিও এই বিলাকক আমি বিভিন্ন মাধ্যমৰ পৰা লাভ কৰিছোঁ তথাপিও এই বিলাক প্ৰস্তুত কৰোঁতা আমি নহয় আন কোনোবাহে। আমি আমাক জীয়াই ৰাখিবৰ বাবে প্ৰকৃতিৰ পৰা যি বিলাক উপাদান লৈছোঁ সেই সমূহৰ লগতে আমাৰ জীৱনটোও এক উপহাৰ হয়।

জীৱনটো অমূল্য। জীৱনটোক বিৰক্ত পোৱা সকলেহে জীৱনটোক শেষ কৰিব বিচাৰে। কাৰণ আমি সদায় আনৰ ওচৰত প্ৰাসংগিক হৈ থাকিব বিচাৰোঁ। যেতিয়া আমি ভাবোঁ আমাৰ জীৱনৰ প্ৰাসংগিকতা আছে তেতিয়া আমাৰ বাবে পৃথিৱীখন সদাই সুন্দৰ হৈ পৰে। জীয়াই থকাৰ হাবিয়াস বাঢ়ে। কিন্তু আনৰ বা সমাজৰ ওচৰত প্ৰাসংগিক হৈ থাকিব হ’লে জীৱনটোক এটা গতি দিব লাগিব। নিজকে সমাজৰ এনে এটা স্তৰৰ সৈতে খাপ খুৱাব লাগিব যে যাৰ দ্বাৰা সমাজৰ উন্নতি হৈ আৰু নিজেও সেই কাম কৰি ভাল পাব পাৰি। এগৰাকী চিকিৎসক, ইঞ্জিনীয়াৰ, ৰাজনীতিক হোৱাটো এক প্ৰকাৰ ব্যক্তিগত উন্নতি সাধন হোৱাটোৱেই বুজায়।

কিন্তু নিজক প্ৰাসংগিক কৰি ৰাখিবলৈ হ’লে নিজৰ সৰ্বস্বখিনি উজাৰি দিলে যাতে দেশ,জাতি আৰু মানুহৰ হিতৰ পক্ষে কামত আহে এনে এক পথ বাছি ল’ব লাগিব। যদি ভৱা হয় যে  মই সমাজৰ বাবে প্ৰাসংগিক নহয়, মোৰ উপস্থিতিয়ে কাৰো কামত নাহে, মোৰ অবিহনেও এই ধৰা চলি থাকিব ইত্যাদি কথা বিলাক যি সকলে মনত ভাৱি লয় তেওঁলোকৰ বাবে জীৱনটো শূন্য। প্ৰত্যেকটো জীৱনেই বহু কষ্ট আৰু ত্যাগৰ বিনিময়তহে এই ধৰালৈ আহে। প্ৰত্যেকটো জীৱনেই অমূল্য।

এনে এটি জীৱনক কিছুমান অবাস্তৱ কথাকলৈ শেষ কৰিব বিচৰাটো সমাজৰ বাবে এক ব্যাধি বুলি বুলি অধ্যাপক ড০ প্রাঞ্জল বুঢ়াগোহাঁইয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে। অধ্যাপক গৰাকীৰ বক্তব্যৰ পূৰ্বে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট নিৱন্ধকাৰ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা ড০ উৎপল দত্তই ড০ প্রাঞ্জল বুঢ়াগোঁহাইৰ  শৈক্ষিক জীৱনৰ বিষয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰি পাঠ কৰে। 

বিশিষ্ট অতিথিৰ ভাষণত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড০ নিৰুপমা মহন্তই শিৱসাগৰ প্ৰছ ক্লাবে প্ৰতিষ্ঠা কালৰ পৰা সংবাদ কৰ্মী, ছাত্ৰ ছাত্ৰী আৰু সমাজৰ হৈ কৰি অহা গঠনমূলক কৰ্ম সমূহক আদৰণি জনায়। 

  দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বন'ৰ অধ্যক্ষা ড০ অংকিতা দত্তই দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বনৰ জন্ম আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁলোকৰ অনুষ্ঠানৰ থকা  সামাজিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ২০১৬ চনত তেওঁৰ পিতৃৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ পিতৃৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াৰ যি আশা আছিল ইয়াক পূৰ্ণ কৰিবৰ বাবে দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বনে কাম কৰি আহিছে। আমাৰ লক্ষ্য হ'ল কোনো ছাত্র ছাত্ৰীয়ে আৰ্থিক দৈনতাৰ বাবে যাতে আধাতে শিক্ষা সমাপ্ত কৰিব লগীয়া নহয় ইয়াৰ ওপৰত গুৰুত্ব দি কাম কৰি অহা হৈছে বুলি ড০ অংকিতা দত্তই উল্লেখ কৰে। 

 ডা: অক্ষতা নাৰায়ণে  বিশিষ্ট অতিথিৰ ভাষণত উল্লেখ কৰি কয় যে জীৱনত সফল হ’বলৈ হ’লে ছাত্ৰ ছাত্ৰীয়ে সমাজৰ সফল ব্যক্তি সকলৰ একোটাকৈ গুণ আয়ত্ব কৰি নিজৰ জীৱনশৈলীৰ সৈতে একত্ৰ কৰি ল’ব লাগে । কেৰিয়াৰ আৰম্ভ কৰিবলৈ বয়স, সময় গুৰুত্বপূৰ্ণ নহয়। আমাৰ চৌপাশে থকা সুবিধা সমূহক বুটলি সেই সময়ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পৰা যায় বুলি অক্ষতা নাৰায়ণে উল্লেখ কৰে।

মুকলি সভাখন উদ্বোধন কৰি শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত বিতুপন নেওগে  শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।  উন্নয়ন আয়ুক্ত গৰাকীয়ে কয় যে শিৱসাগৰ প্ৰেছ ক্লাবে ছাত্ৰ ছাত্ৰী সকলৰ মনস্তাত্বিক দিশটোক আগুৱাই নিবৰ বাবে যি স্মাৰক বক্তৃতাৰ দৰে কাৰ্যসূচী হাতত লৈছে  ভৱিষ্যতলৈও ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি থাকিলে সমাজ আৰু ছাত্র ছাত্ৰী সকলৰ উন্নতি সাধন হ'ব । 

  সভাৰ অন্তত ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত দ্য অঞ্জন দত্ত ফাউণ্ডেশ্বনৰ তৰফৰ পৰা জলপানি প্ৰদান কৰা হয়।

Also Read: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা