ধিঙৰ যৌন নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত ওলাই আহিল খিলঞ্জীয়া মুছলমান...
ধিঙৰ যৌন নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত ওলাই আহিল খিলঞ্জীয়া মুছলমান...

ধিঙৰ যৌন নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত ওলাই আহিল খিলঞ্জীয়া মুছলমান...

এটা সপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ নিৰ্দেশ মিঞাসকলক
Published on

ডিজিটেল ডেস্কঃ ধিঙত সংঘটিত হোৱা ছাত্ৰীৰ যৌন নিৰ্যাতনৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত আছে। শেহতীয়াকৈ শিৱসাগৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ থকা শিৱসাগৰত আজি পুনৰ ধিঙৰ কাণ্ডক লৈ প্ৰতিবাদৰ সাব্যস্ত কৰিলে বিভিন্ন সংগঠনে।

ধিঙত ছাত্ৰীৰ সৈতে অপকৰ্মত লিপ্ত হোৱা তিনি অপৰাধীক কঠোৰ শাস্তিৰ দাবী তুলি ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া মুছলমানসকলো। এইসকল প্ৰতিবাদকাৰীয়ে অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰিছে।

শিৱসাগৰত হোৱা এই প্ৰতিবাদৰ মাজতে বিভিন্ন দল, সংগঠনৰ লগতে খিলঞ্জীয়া মুছলমানসকলেও এটা সপ্তাহৰ ভিতৰত উজনি অসমত কৰ্মৰত অপৰাধ মানসিকতাৰ মিঞালোকসকলক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিছে।

শিৱসাগৰত ৰাষ্ট্ৰীয় খেলুৱৈক প্ৰহাৰ কৰাৰ ঘটনাৰ প্ৰতিবাদ অন্ত পৰাৰ পাছতে আজি পুনৰ ধিঙৰ ঘটনাক কেন্দ্ৰ কৰি সাব্যস্ত কৰা এই প্ৰতিবাদত জিলাখনৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষ বহু লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে।

ধিঙৰ যৌন নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত ওলাই আহিল খিলঞ্জীয়া মুছলমান...
২৬ বছৰৰ পূৰ্বে ওলাই যোৱা ববী গগৈক পত্ৰৰ জৰিয়তে ছহিদ ঘোষণা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in