সমাজকৰ্মী আলহাজ হবিব উল্লাহৰ মৃত্যুঃ শিৱসাগৰত দল-সংগঠনৰ শোক প্ৰকাশ...

সমাজকৰ্মী আলহাজ হবিব উল্লাহৰ মৃত্যুঃ শিৱসাগৰত দল-সংগঠনৰ শোক প্ৰকাশ...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ সমীপৰ মৰনৈকিনাৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, অসম ৰাজ্যিক জমিয়ত উলেমা ই হিন্দৰ উপ-সভাপতি আৰু আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি সমাজকৰ্মী আলহাজ হবিব উল্লাহৰ(৭১) চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে নিশা মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শিৱসাগৰত শোকৰ ছাঁ পৰে।

ইউকো বেংকৰ মুখ্য প্ৰবন্ধক হিচাবে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত হবিব উল্লাহে শিৱসাগৰ হাই মাদ্ৰাছাত শিক্ষক হিচাবে কৰ্ম জীৱনৰ পাতনি মেলিছিল ৷ তাৰ কেইটামান বছৰৰ পিছত শিক্ষকৰ চাকৰি এৰি জীৱন বীমা নিগমত চাকৰি কৰে ৷ সেই চাকৰিও ত্যাগ কৰি তেওঁ বেংকৰ চাকৰিত যোগদান কৰে । মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসম জমিয়ত উলেমা ই হিন্দ শিৱসাগৰ জিলা সমিতিৰ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। অসুস্থতাৰ বাবেই কিছুদিন প্ৰয়াত হবিব উল্লাহ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছিল। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ দুগৰাকী কন্যা, এটি পুত্ৰ সন্তান ইসসংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুত-আজান পীৰ দৰগাহ পৰিচালনা সমিতি, খণ্ডকাৰ পীৰ দৰগাহ পৰিচালনা সমিতি, শিৱসাগৰ প্ৰেছ ক্লাব,অৰুণোদয় শাখা সাহিত্য সভা, কেৰিমুদ্দিন আহমেদ স্মৃতি ৰক্ষা সমিতি, উজনি অসম মুছলিম কল্যাণ পৰিষদ,অসম জমিয়ত উলেমা ই হিন্দ, জিকিৰ-জাৰী চৰ্চা আৰু গৱেষণা মঞ্চ অসম, মৰনৈকিনাৰ মছজিদ পৰিচালনা সমিতি, শিৱসাগৰ দ্বীনি মাদ্ৰাছাৰ লগতে আজান পীৰ জিকিৰ গৱেষণা সমিতিৰ সভাপতি ড° ভুৱনেশ্বৰ ডেকাৰ লগতে বিভিন্ন দল-সংগঠন অনুষ্ঠান প্ৰতিস্থানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা অহাৰ পাছতেই স্থানীয় দৰবাৰ ফিল্ড কৱৰস্থানত জানাজা সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে।

সমাজকৰ্মী আলহাজ হবিব উল্লাহৰ মৃত্যুঃ শিৱসাগৰত দল-সংগঠনৰ শোক প্ৰকাশ...
কাজিৰঙাত তিনিদিনীয়া সাংবাদিকতা কৰ্মশালাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in