শিৱসাগৰৰ শিৱাংশু, চিৰাগ, ৰক্তোপল আৰু আনিদৰ সাফল্য

শিৱসাগৰৰ শিৱাংশু, চিৰাগ, ৰক্তোপল আৰু আনিদৰ সাফল্য
শিৱসাগৰৰ শিৱাংশু, চিৰাগ, ৰক্তোপল আৰু আনিদৰ সাফল্য
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰ : ইতিপূৰ্বে ঘোষণা কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতামূলক পৰীক্ষা  জে ই ই এডভান্সত শিৱসাগৰৰ ৪গৰাকী ছাত্ৰই সুখ্যাতিৰে  উত্তীৰ্ণ হৈ আই আই টিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে ৷ চহৰখনৰ অসম ৰাজ্যিক পৰিবহণ তিনিআলিৰ সমীপৰ শিৱাংশু শৰ্মাই  জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৫৩৩৩ স্থান আৰু চি ই ই অসমৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিছে ৷

শিৱাংশু শৰ্মা
শিৱাংশু শৰ্মা

ছাত্ৰগৰাকীয়ে ভিলাই আই আই টিত কম্পিউটাৰ চায়েন্স বিভাগত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে ৷ উল্লেখ কৰা প্ৰয়োজন যে শিৱাংশু শৰ্মা ডিমৌ চিকিৎসালয়ৰ বিষয়া তথা ক্ৰীড়া সংগঠক ডা° প্ৰশান্ত প্ৰতীম শৰ্মা আৰু ডা° বন্দনা গুপ্তাৰ একমাত্ৰ পুত্ৰ সন্তান ৷

ইফালে শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ চিৰাগ আগৰৱালাই  জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৭০৫৮ নং স্থান লাভ কৰিছে। লগতে চি ই ই অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

চিৰাগ আগৰৱালা
চিৰাগ আগৰৱালা

গুজৰাটৰ গান্ধীনগৰ আই আই টিত নামভৰ্তিৰ সুযোগ লাভ কৰা চিৰাগ আগৰৱালা ব্যৱসায়ী সুনীল কুমাৰ আগৰৱালা আৰু আনিচা আগৰৱালাৰ দ্বিতীয় সন্তান ৷ 

ৰক্তোপল বৰা
ৰক্তোপল বৰা

একেদৰে শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী দ গাঁৱৰ ৰক্তোপল বৰাই জে ই ই এডভান্স পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১২৬২৪ নং স্থান দখল কৰে ৷ নামতিৰ ছহিদ পিয়লি ফুকন কলেজৰ অধ্যাপক পবিত্ৰ বৰা আৰু প্ৰীতি ৰেখা বৰাৰ পুত্ৰ ৰক্তোপলে পাটনা আই আই টিৰ কেমিকেল ইঞ্জিনীয়াৰিং শাখাত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে ৷

আনিদ এ দাস
আনিদ এ দাস

আনহাতে শিৱসাগৰ জয়সাগৰ তিনিআলিৰ সমীপৰ আনিদ এ দাসেও এই পৰীক্ষাত উত্তীৰ্ণ হৈ কমিউনিকেশ্যন ইঞ্জিনীয়াৰিঙত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ তেওঁ অ’এন জি চিৰ বিষয়া অৰুয দাসৰ পুত্ৰ ৷ চহৰখনৰ চাৰিগৰাকী ছাত্ৰই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত লাভ কৰা কৃতকাৰ্যতাই জনসাধাৰণক উৎফুল্লিত কৰিছে ৷

শিৱসাগৰৰ শিৱাংশু, চিৰাগ, ৰক্তোপল আৰু আনিদৰ সাফল্য
ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in