আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড ৰেফাৰী তনয়া কোঁৱৰৰ বিৰুদ্ধে ষড়যন্ত্ৰঃ এজনক আটক

আনৰ অশ্লীল ভিডিঅ' তনয়াৰ বুলি প্ৰচাৰ
আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড ৰেফাৰী তনয়া কোঁৱৰৰ বিৰুদ্ধে ষড়যন্ত্ৰঃ এজনক আটক
আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড ৰেফাৰী তনয়া কোঁৱৰৰ বিৰুদ্ধে ষড়যন্ত্ৰঃ এজনক আটক
Published on
Updated on

ডিজিটেল সংবাদ,নামতিঃ অস্বস্তিত দিন পাৰ কৰিছে আমগুৰিৰ নিৱাসী তথা বিশ্বৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা তনয়া কোঁ‌ৱৰে। উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰীগৰাকীৰ চৰিত্ৰত আঘাত হনাৰ অপচেষ্টাত লিপ্ত হৈছে এটা দুষ্ট চক্ৰ‌।

এই চক্ৰটোৱে এটা অশ্লীল ভিডিঅ' তনয়া কোঁৱৰৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল। এই ঘটনাৰ পাছতে মানসিকভাৱে ভাঙি পৰিছে তনয়া কোঁ‌ৱৰ। তেওঁ অভিযোগ কৰিছে এটা দুষ্ট চক্ৰই তেওঁৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে।

এই চক্ৰটোৱে ভাইৰেল হোৱা এটা অশ্লীল ভিডিঅ'ৰ নায়িকাৰ তনয়া কোঁ‌ৱৰ নোহোৱাৰ পাছতো আৰু তনয়াৰ সৈতে কো সাদৃশ্য নথকা স্বত্বেও সামাজিক মাধ্যমৰ জৰিয়তে সেয়া তনয়া বুলি অপপ্ৰচাৰত লিপ্ত হৈছে।

ইয়াৰ পিছতে এতিয়া ভিন্নজনে তনয়ালৈ ফোন কৰি ভাইৰেল ভিডিঅ'ৰ সম্পৰ্কে প্ৰশ্নৰ অৱতাৰনা কৰা বুলিও জানিবলৈ দিছে। ফলত বিশ্ব ৰেকৰ্ডৰ অধিকাৰী আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰীগৰাকী মানসিক ভাৱে ভাগি পৰাই নহয় হতাশাত ভূগিছে।

ঘটনাৰ সন্দৰ্ভত তনয়া কোঁ‌ৱৰৰ পৰিয়ালে ন্যায় বিচাৰি আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে। আমগুৰি আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত সোমবাৰে নিশা ঘটনাৰ সৈতে জড়িত জয়ন্ত গগৈ নামৰ আমগুৰিৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰশিক্ষক জনক আটক কৰে।

জানিব পৰা মতে, এই ঘটনাৰ সৈতে জড়িত দিগন্ত বৰুৱা নামত এটা লম্পটৰ লগতে বহুকেইজন এতিয়াও মুকলি আকাশৰ তলত। ভুক্তভোগী তনয়া কোঁ‌ৱৰে এই ষড়যন্ত্ৰৰ এক উচিত তদন্তৰ দাবী জনাইছে।

নাৰীৰ সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰা এনে জঘন্য ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰকৃত দোষীক কৰায়ত্ত কৰি কি শাস্তি প্ৰদান কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষ্যনীয় হব।

আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড ৰেফাৰী তনয়া কোঁৱৰৰ বিৰুদ্ধে ষড়যন্ত্ৰঃ এজনক আটক
গুৱাহাটীক গালি দিয়াৰ অধিকাৰ আমাৰ নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in