ডিজিটেল সংবাদ, শিৱসাগৰঃ অ’ এন জি চিৰ বিষয়া অপহৰণ কাণ্ডৰ পৰিকল্পনা ৰচনা কৰা মূল মাষ্টৰ মাইণ্ড তাহিৰুল হুছেইনে আজি অতি সংগোপনে আত্মসমৰ্পণ কৰে ৷ ১৩ টা দিনৰ অন্তত অপহৰণ কাণ্ডৰ পৰিকল্পনা কৰা তাহিৰুল হুছেইনৰ আত্মসমৰ্পণে হাই প্ৰফাইল অপহৰণ কাণ্ডৰ পৰিকল্পনাৰ সকলো সাঁথৰ পৰিস্কাৰ কৰিব বুলি ধাৰণা কৰা হৈছে ৷
শিৱসাগৰ জিলা ন্যায়পালিকাত আত্মসমৰ্পণ কৰা তাহিৰুল হুছেইনক আৰক্ষীয়ে কাইলৈ জিম্মাত বিচাৰিব ৷ এই হাই প্ৰফাইল অপহৰণ কাণ্ড পৰিকল্পনা কৰাৰ বাবে ইৰছাদ লটিফ, প্ৰাক্তন আলফা সদস্য ৰাহুল হাজৰিকা ওৰফে লাডেন, চফিকুল ৰহমান আৰু ত্ৰিনয়ন বাৰোৱাটী, মুবিন হাজৰিকাক আৰু জেৰিফৎ আহমেদক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
তাহিৰুলক বিচাৰি শিৱসাগৰ আৰক্ষীৰ বিগত ১৩ টা দিন অভিযান অব্যাহত আছিল। উল্লেখ্য যে তাহিৰুল হুছেইন আৰু ৰাহুল হাজৰিকা ওৰফে লাডেনে অ’ এন জি চিৰ অনা অসমীয়া বিষয়াক অপহৰণৰ পৰিকল্পনা ৰচনা কৰিছিল।
Also Read: মৌডংগা হাইস্কুলত ৭ কোটি টকীয়া প্ৰকল্পৰ আধাশিলা স্থাপন বিধায়ক ছিৰাজুদ্দিন আজমলৰ...