ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰি ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বিষয়ত যাৱতীয় প্ৰস্তুতি গ্ৰহণৰ বাবে ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধি শনিবাৰে বিয়লি মৈদামক্ষেত্ৰত আহি উপস্থিত হয়। উত্তৰ পূব এছিয়াৰ ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধি চিংগাপুৰৰ লিম চিং চিয়াঙ শনিবাৰে বিয়লি ৪.৩০ বজাত মৈদাম ক্ষেত্ৰত উপস্থিত হয়।
ইউনেস্কৰ প্ৰতিনিধি গৰাকীক আদৰিবলৈ ঐতিহাসিক মৈদামক্ষেত্ৰত এক উখলমাখল পৰিবেশ সৃষ্টি হয়।বিশেষজ্ঞ গৰাকীক মৈদাম ক্ষেত্ৰত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, চুকাফা চকিয়াল যুৱ সমাজ, চৰাইদেউ প্ৰেছ ক্লাব, আটাছুৰ চুকাফা আঞ্চলিক সমিতি, মৈদাম তৰ্পণ সমিতিকে ধৰি বিভিন্ন ব্যক্তি বিশেষে উষ্ম আদৰণি জনায় ৷
ইয়াৰ পাছতে গায়ন-বায়ন, বিহু হুঁচৰি, টাই লাইলুঙ খাম দলে শ-নিয়া আলিৰ পৰা মৈদামৰ প্ৰৱেশ দ্বাৰলৈ বিশেষজ্ঞগৰাকীক আদৰি নিয়ে ৷ ইউনেস্কৰ বিশেষজ্ঞ গৰাকীয়ে স্থানীয় ৰাইজ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আদৰণিত তেওঁ অভিভূত হৈ পৰা বুলি জানিব পৰা গৈছে ৷