শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উদযাপন : অত্যাধুনিক ক’টেজ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

মুকলি সভাখনত সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন,শিল্পী জুবিন গাৰ্গ,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি উপস্থিত থাকে
শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উদযাপন : অত্যাধুনিক ক’টেজ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰত কেন্দ্ৰীয়ভাৱে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিনটোতে শিৱসাগৰ চহৰৰ সমীপৰ ভটীয়াপাৰস্থিত বিলাসী ৰিজৰ্ট “জোনস্কাই”ত দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হয় ১২ টাকৈ বিতোপন ক’টেজ ৷

এটা বৃহৎ পুখুৰীৰ লগত সংযোজিত নান্দনিক পৰিৱেশত নিৰ্মাণ কৰা এই কটেজত অত্যাধুনিক সকলো সা সুবিধা উপলব্ধ বুলি জানিবলৈ দিয়ে ৷ অতি সহজেই পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ নিৰ্মাণ কৰা ক’টেজসমূহ বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

শিৱসাগৰৰ পৰ্যটনৰ মানচিত্ৰত “জোনস্কাই” ৰ ক’টেজে নিঃসন্দেহে নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে ৷ উল্লেখ্য শিৱসাগৰ ভটীয়াপাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাই যোৱা কেইবাটাও বছৰধৰি পৰ্যটনক উদ্যোগ ৰূপে গঢ়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে ৷

হৰিপ্ৰসন্ন হাজৰিকা এগৰাকী সমাজকৰ্মীও ৷ ব্যৱসায়, সমাজসেৱাৰ লগতে তেওঁ ভটীয়াপাৰক দিছে নব্য ৰূপ ৷ শিৱসাগৰ চহৰত দুটাকৈ চিনেমা গৃহ চিৰদিনলৈ বন্ধ কৰি দিয়াৰ সময়তে তেওঁ ভটীয়াপাৰত “ভাস্কৰজ্যোতি” নামৰ এটা অত্যাধুনিক তথা ব্যয়বহুল চিনেমা গৃহ নিৰ্মাণ কৰি বোলছবি উদ্যোগটোক শক্তিশালী কৰিছে ৷

অঞ্চলটোৰ ১০০ বিঘাৰো অধিক মাটিত খন্দোৱা ফিচাৰীৰ পৰা শ শ কুইন্টল থলুৱা প্ৰজাতিৰ মাছ উৎপাদন কৰি মীন পালনৰ ক্ষেত্ৰত জোৱাৰ সৃষ্টি কৰিছে ৷ পুখুৰীৰ পাৰত ইতিপূৰ্বে নিৰ্মাণ কৰা “জোনস্কাই” নামৰ ৰিজৰ্টখনে দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

এই ৰিজৰ্টত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই লেখতলবলগীয়া ৷ আজি “জোনস্কাই”ৰ লগতে মুকলি ক’টেজে পৰ্যটকক নতুন মাদকতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে আজি অসম চৰকাৰৰ পৰ্যটন উন্নয়ন বিভাগৰ উদ্যোগত শিৱসাগৰত কেন্দ্ৰীয়ভাৱে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।

৬ শ বছৰীয়া আহোম শাসনৰ অলেখ সমলেৰে পৰিপূৰ্ণ শিৱসাগৰত এই দিৱস উদযাপন কৰি অসম চৰকাৰে আগন্তুক দিনত পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াবলৈ লোৱা বলিষ্ঠ পদক্ষেপৰ আগজাননী দিয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ নিতুপৰ্ণ বৰুৱাই এই দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

দিৱস উদযাপনৰ প্ৰথম কাৰ্যসূচীৰূপে পুৱা ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰৰ পৰা ৰংঘৰলৈকে এক 'মিনি মাৰাথন' অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে এই মাৰাথানত অংশগ্ৰহণ কৰে।

মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈয়বুন নেচাই। মাৰাথন দৌৰত উপস্থিত থাকি মন্ত্ৰী বৰুৱাই অসমৰ সৰ্বাংগীন পৰ্যটন উন্নয়নৰ প্ৰয়াসৰ কথা উল্লেখ কৰে।

উজনি অসমৰ অন্যতম পৰ্যটনৰ কেন্দ্ৰ শিৱসাগৰৰ পৰ্যটন সন্দৰ্ভত মন্ত্ৰী বৰুৱাই উল্লেখ কৰি কয় যে, শিৱসাগৰত পৰ্যটনৰ সমলৰ অভাৱ নাই। কিন্তু শিৱসাগৰত প্ৰয়োজন পৰ্যটক আহিলে পাব পৰা আন্তঃগাঠনিৰ দিশত চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লৈছে।

ইতিমধ্যে ৰংঘৰক লৈ এক বিশাল প্ৰকল্প আৰম্ভ হ'বলৈ গৈ আছে। এইয়া সম্পূৰ্ণ হ'লে শিৱসাগৰৰ বহু অভাৱ দূৰ হ'ব বুলি তেওঁ উল্লেখ কৰে। একেদৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই অসমৰ পৰ্যটনত শিৱসাগৰ আৰু চৰাইদেউৰ অৰিহণাক উল্লেখ কৰি অনাগত দিনত এই দুই পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে পৰিকল্পনা কৰা বুলি সদৰী কৰে। কিছু দিনৰ পাছত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে পৰ্যটকৰ ধাৰা বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে আজি দিনৰ ভাগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিৱসাগৰ পুখুৰীৰ পাৰত থকা কলা বিথিকাত এক ফটোগ্ৰাফি প্ৰদৰ্শনী মুকলি কৰে। অসমৰ বিভিন্ন ফ্ৰিলাঞ্চাৰ ফটোগ্ৰাফাৰৰ ফটো ইয়াত প্ৰদৰ্শন কৰা হয়।

দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া “জোনস্কাই” ৰিজৰ্টত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত মুকলি সভাৰ এক অংশৰূপে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৱ্যসাচী মহন্তৰ সঞ্চালনাত "পৰ্যটন আৰু সেউজ বিনিয়োগ" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। 

আলোচনা চক্ৰ সঞ্চালন কৰি ড০ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন নীতিৰ আধাৰত  অসম চৰকাৰেও বহনক্ষম নীতি গ্ৰহণ কৰাৰ লগতে পাৰিপাৰ্শ্বিক, সামাজিক,অৰ্থনৈতিক ক্ষেত্ৰত উন্নয়ন ঘটাব পাৰে তাৰ বাবে নীতি তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে ৷ আলোচনা চক্ৰখনত জাংগল ট্ৰেভেলচ অৱ ইণ্ডিয়াৰ সঞ্চালিকা ড০  জাহ্নৱী ফুকনে অংশগ্ৰহণ কৰি কয় যে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসম ভগৱানৰ এক দান।

সাম্প্ৰতিক অসমৰ উন্নয়ন ঘটাৰ লগতে পয্যটন ক্ষেত্ৰখনটো  অসমৰ উন্নয়ন ঘটিছে। কিন্তু উন্নয়নৰ নামত যাতে আমাৰ পাৰিপাশ্বিকতা ধংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

তাৰোপৰি পৰ্য্যটন ক্ষেত্ৰখন উন্নয়নৰ নামত অন্য দেশৰ দৰে পৰিবহণ পৰ্যটন আৰু হোটেল পৰ্যটনৰ ওপৰত গুৰুত্ব নিদি সমান্তৰালভাৱে সেউজ পৰ্যটনৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলিও কয় ।

নৱনিত হাজৰিকাই আঁত ধৰা আলোচনা চক্ৰত  আলোচক হিচাপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তৰ উপৰি  হলিডে ট্ৰেভেলচৰ সঞ্চালক ড০ দীপক শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ড০ সৌমাৰজ্যোতি মহন্তই আলোচনাৰ মূল বিষয়ৰ ওপৰত  ভাষণ  প্ৰদান কৰি কয় যে,পৰ্যটন ক্ষেত্ৰত শিৱসাগৰ চহকী বুলি কৈ থাকিলেই ঠাইখনৰ ঐতিহ্য ব্ৰতী নাথাকে । 

পৰ্যটন ক্ষেত্ৰখন অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পৰ্যটন শিক্ষা অতি প্ৰয়োজন । প্ৰয়োজনীয শিক্ষা নহ'লে সমস্যাৰহে সৃষ্টি হ'ব। তাৰোপৰি এক গুণসম্পন্ন কৰ্মশক্তি যদি তৈয়াৰ কৰিব নোৱাৰো তেতিয়াও ভাল ফল পাব নোৱাৰো।

উলেখ্য যে,ইয়াৰ পাছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান । মুকলি সভাখনত পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন,পৰ্যটন বিভাগৰ প্ৰধান সচিব  জে বি এক্কা. সচিব পদ্মপানী বৰা ,পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ,শিল্পী জুবিন  গাৰ্গ,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে ।

অনুষ্ঠানতে শিৱসাগৰৰ নবীন বুঢ়াগোহাই, লক্ষীমপুৰৰ দিকপল  লাহন,মাজুলীৰ জাহ্নু বৰুৱা,যোৰহাটৰ জয়ন্তজ্যোতি শৰ্মা, তিনিচুকীয়াৰ বিপ্লৱ চুতীয়া,নাহৰকটীয়াৰ  মণিমানিক গগৈ,চানডুবিৰ দিগন্ত ৰাভা আৰু গ্ৰাম্য পৰ্যটন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বিশ্বনাথ ঘাটৰ প্ৰতিনিধিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ।

শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উদযাপন : অত্যাধুনিক ক’টেজ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
অথলে গ'ল ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক : অষ্ট্ৰেলিয়াৰ দৰ্শনীয় বিজয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in