বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক ' শিৱসাগৰ ৰত্ন ' বঁটা প্রদান... 

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক ' শিৱসাগৰ ৰত্ন ' বঁটা প্রদান... 
Published on
Updated on

 ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আজি নিশা শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত অসমৰ এজন সমাজহিতৈষী, অনুবাদক, শিক্ষাবিদ-সাহিত্যিক তথা গভীৰ প্ৰজ্ঞা আৰু সাৰস্বত সাধনাৰে সমৃদ্ধ অনন্য ব্যক্তিত্বৰ অধিকাৰী সোণাৰাম বৰুৱাক শিৱসাগৰ জিলা সাহিত্য সভাৰ সর্বোচ্চ সম্মান 'শিৱসাগৰ ৰত্ন' বঁটা প্ৰদান কৰা হয়। 

 বিগত সময়ছোৱাত প্রবন্ধ, নিবন্ধ, ভ্রমণ সাহিত্য আৰু অনুবাদ সাহিত্যৰ সম্পৰীক্ষা তথা সূক্ষ্ম পর্যবেক্ষণ শক্তিৰে সাহিত্য জগতৰ সৈতে একাত্মতা গঢ়ি তোলা নীৰৱ সাধক সোণাৰাম বৰুৱাক '' শিৱসাগৰ ৰত্ন '' বঁটা প্ৰদান সভাত পদ্মশ্ৰী , অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকা, শিৱসাগৰ ৰত্ন তথা সাহিত্যাচার্য ড° নাহেন্দ্ৰ পাদুন, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জীতেন হাজৰিকা, সাহিত্যিক ড° কৰবী ডেকা হাজৰিকা আৰু সোণাৰাম বৰুৱাৰ সহধৰ্মিনী কিৰণ বৰুৱা সন্মানীয় ব্যক্তি হিচাবে উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ নিৰুপমা মহন্তই।শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আঁত ধৰা সভাত শিৱসাগৰ জিলাৰ বিশিষ্ট নাগৰিক, সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী, সমাজ সচেতক ব্যক্তি, সকলো দল, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয় - ববীয়া, শিৱসাগৰ জিলা সাহিত্য সভা,শাখা সাহিত্য সভাৰ বিষয়-ববীয়া  উপস্থিত থাকে।

আৰম্ভণিতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান " নদী " ৰ সদস্যা সকলে মৌচুমী সন্দিকৈৰ নেতৃত্বত অসম সাহিত্য সভাৰ আৰম্ভণী গীত " চিৰ চেনেহী মোৰ ভাষা জননী ...." পৰিবেশন কৰে । ইয়াৰ পাছতে চামৰিণা চাদিকে মঙ্গলাচৰণ কৰাৰ লগে লগে বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ, সমাজকৰ্মী লক্ষ্মীকান্ত মহন্তই। ইয়াৰ পাছত বৃষ্টিৰাণী শইকীয়াৰ পৰিচালনাত ভটীয়াপাৰৰ সংগীত কানন বিদ্যালয়ৰ ছাত্ৰী সকলে জ্যোতি সংগীত পৰিবেশন কৰে। সাহিত্যিক চৈয়দ আব্দুল মালিকৰ গীত পৰিবেশন কৰে ৰাজকুমাৰী ফাল্গুণীয়ে। 

   সাহিত্যিক , শিক্ষাবিদ ড০ নাহেন্দ্ৰ পাদুনে উদ্বোধন কৰা সভাখনত অসম সাহিত্য সভাৰ সভাপতি  , পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই ভাষণ প্ৰসঙ্গত কয় - " গুণৱান লোকসকলৰ ব্যক্তিত্বৰ লগত সংগতি ৰাখি ৰত্ন মালাধাৰীয়ে অলংকৃত কৰা হয়। আজি শিৱসাগৰ জিলা সাহিত্য সভাই সোণাৰাম বৰুৱাক " শিৱসাগৰ ৰত্ন " বঁটা প্ৰদান কৰি কেৱল শিৱসাগৰকেই ধন্য কৰা নাই, অসমবাসীক ধন্য কৰিছে। মই অসম সাহিত্য সভাৰ হৈ অভিনন্দন জ্ঞাপন কৰিছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ লেখক-লেখিকা সমিতিৰ সৌজন্যত অৰুণা চেতিয়া খাটনিয়াৰে সম্পাদনা কৰা " শিৱসাগৰৰ লেখক-কোষ " শুভ উন্মোচন কৰে সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাই। ভাষণ প্ৰসঙ্গত সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকাই শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী হিচাপে শিক্ষাগুৰু সোণাৰাম বৰুৱাৰ সান্নিধ্য সম্পৰ্কে আৰু ছোৱালী কলেজত শিক্ষা গ্ৰহণ কৰাৰ সময়ৰ  স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়াই।

তেওঁ শিৱসাগৰ নগৰৰ পাৰ্শ্বৱৰ্তী দিখৌ নৈৰ পকী দলং খন সংৰক্ষণ হৈ থকাৰ কামনা কৰি ৰাইজৰ আগত মনৰ কথা প্ৰকাশ কৰে। সভাত উপাচাৰ্য ড০ জিতেন হাজৰিকাই ভাষণ প্ৰদান কৰে।  বঁটা গ্ৰহণ কৰি সোণাৰাম বৰুৱাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় - " শিৱসাগৰ ৰত্ন বঁটাৰ বাবে মই উপযুক্ত হয় নে নহয় নাজানো, কিন্তু শিৱসাগৰৰ সাহিত্য প্ৰেমী ৰাইজে মোক এই সন্মান আগবঢ়োৱাৰ বাবে সমগ্ৰ শিৱসাগৰ বাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।জীৱনৰ বিয়লি বেলাত লাভ কৰা এই সন্মানে মোক সৃষ্টি কৰ্মৰ বাবে উৎসাহিত কৰিছে। 

   অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ড০ জীৱন কলিতাই আঁত ধৰা সভাত সোণাৰাম বৰুৱাক জিলা খনৰ শাখা সাহিত্য সভা , বিশিষ্ট ব্যক্তি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি সকলে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক ' শিৱসাগৰ ৰত্ন ' বঁটা প্রদান... 
বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত 'সৌহাৰ্দ্য'ৰ স্মৃতিচাৰণ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in