মানকাচৰ-বাংলাদেশ সীমান্তত নাওভৰ্তি চোৰাং চেনী জব্দ...

মানকাচৰ-বাংলাদেশ সীমান্তত নাওভৰ্তি চোৰাং চেনী জব্দ...
মানকাচৰ-বাংলাদেশ সীমান্তত নাওভৰ্তি চোৰাং চেনী জব্দ...
Published on
Updated on

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ চোৰাং পশুধন, ড্ৰাগছ, মদ, ভাং, তামোল আৰু চাউলৰ সমান্তৰাল ভাবে মানকাচৰ-বাংলাদেশ সীমান্তয়েদি চোৰাং চেনীৰ সৰবৰাহ চলি আছে। যোৱা কেইটামান দিনৰ ভিতৰত দুখন নাওঁ আৰু বৃহৎ পৰিমাণৰ চোৰাং চেনী সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰাৰ পাচত চোৰাং চেনী সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে।

শেহতীয়াকৈ আজি বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বি এছ এফে এক নাওঁ ভৰ্তি চোৰাং চেনী জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত বাতৰি মতে, উন্মক্ত চৰ তথা নদী সীমান্তত বৰাইৰ আলগা বি এছ এফ তহল দি থকা অৱস্থাত আজি পুৱতি নিশাৰ ভাগত যন্ত্ৰচালিত নাওঁ এখনত ৩৫ বেগ চোৰাং চেনীলৈ ব্ৰহ্মপুত্ৰয়েদি বাংলাদেশৰ ফালে গৈ থকা অৱস্থাত বি এছ এফে নাওঁসহ চেনীখিনি জব্দ কৰে।

বি এছ এফক দেখি সৰবৰাহকাৰী দলটো নদী সাঁতুৰি চৰৰ মাজত পলায়ন কৰিছে। নাওঁসহ চেনীখিনি জব্দ কৰি সুখচৰ থানাত গতাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। চোৰাং চেনী আৰু নাঁওখনৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব।

মানকাচৰ-বাংলাদেশ সীমান্তত নাওভৰ্তি চোৰাং চেনী জব্দ...
''আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in