সমাজহিতৈষী ৰামমোহন চৌধুৰীৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী কৰ্মী চৌধুৰীৰ মৃত্যুত বৰক্ষেত্ৰীত শোকৰ ছাঁ
সমাজহিতৈষী ৰামমোহন চৌধুৰীৰ মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ, দৌলাশালঃ অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, সমাজহিতৈষী, ধৰ্মপ্ৰাণ ব্যক্তি তথা নলবাৰী জিলাৰ মুকালমুৱাৰ মেধিপাৰা গাঁৱৰ নিবাসী ৰামমোহন চৌধুৰীৰ (৭৩) দেওবাৰৰ নিশা আকস্মিকভাবে মৃত্যু হয়। তেওঁৰ মৃত্যুত বৰক্ষেত্ৰীত শোকৰ ছাঁ পৰিছে । অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গণ সংগ্ৰাম পৰিষদ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদক প্ৰত্যক্ষভাবে সহায় আগবঢ়োৱা ৰামমোহন চৌধুৰীয়ে কিছুদিন ধৰি নিমুনীয়া জ্বৰত আক্ৰান্ত হৈ আছিল ৷

দেওবাৰে নিশা চৌধুৰীদেৱৰ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায় যদিও আদবাটতে মৃত্যুক সাৱতি লয় ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰামমোহন চৌধুৰীয়ে চাকৰি জীৱন সুকলমে অন্ত পেলাই সমাজ উত্তৰণৰ হকে নিজকে সমৰ্পিত কৰিছিল ৷ চৌধুৰীদেৱে বিশেষকৈ বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা পূজাক নতুন মাত্ৰা প্ৰদান কৰি মৃত্যুৰ পূৰ্বলৈকে দুৰ্গোৎসৱ সমিতিৰ উপদেষ্টা হিচাপে কাম কৰি আহিছিল ৷ সমাজহিতৈষী চৌধুৰীয়ে দেওবাৰৰ সন্ধিয়া বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ভাষণো ৰাখিছিল ৷

ৰামমোহন চৌধুৰীয়ে বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপনৰ ২০১৭ চনৰ পৰা ২০২০ চনলৈ সভাপতিৰ আসন শুৱনি কৰিছিল ৷ তদুপৰি মেধিপাৰা গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি, মুকালমুৱাস্থিত ড্ৰিমলেণ্ড ইংলিছ স্কুল, প্ৰফুল্লজ্যোতি শিল্পী সমাজ, মুকালমুৱা সাহিত্য সভা, বৰক্ষেত্ৰী মহাবিদ্যালয়, চণ্ডী মেধি বালিকা বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ।

ৰামমোহন চৌধুৰীৰ মৃত্যুত বৰক্ষেত্ৰীৰ ৰাইজে এগৰাকী সমাজ সংগঠক তথা ধৰ্মপ্ৰাণ ব্যক্তিক হেৰুৱাই ম্ৰিয়মাণ হৈ পৰিছে । সোমবাৰৰ পুৱা অসংখ্য গুণমুগ্ধৰ উপস্থিতিত চৌধুৰীদেৱৰ নশ্বৰ দেহৰ শেষকৃত সম্পন্ন কৰা হয় ৷ তেখেতে মৃত্যুৰ সময়ত তিনি পুত্ৰ, বোৱাৰীসহ আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷ সমাজহিতৈষী ৰামমোহন চৌধুৰীৰ মৃত্যুত বিৰিণা গোষ্ঠী অসম, বৰক্ষেত্ৰী প্ৰেছ ক্লাব, মুকালমুৱা সাহিত্য সভাকে ধৰি অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ৷

সমাজহিতৈষী ৰামমোহন চৌধুৰীৰ মৃত্যু
নগাঁৱত সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in