সোণাপুৰত আন্ত:ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ অভিনন্দন  অনুষ্ঠান...

সোণাপুৰত আন্ত:ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ অভিনন্দন  অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
সোণাপুৰত আন্ত:ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ অভিনন্দন  অনুষ্ঠান...

ডিজিটেল সংবাদ, সোণাপুৰঃ ডিমৰীয়া অঞ্চলৰ ২০২৪ বৰ্ষৰ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কালি আন্ত:  ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্হাৰ সহযোগত  এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়  ৷ ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠান উপলক্ষে পুৱা  ১০ বজাত পতাকা উত্তোলন কৰে আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামীয়ে আৰু ১০.৩০ বজাত শ্বহীদ তৰ্পন কৰে আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক জিংকুলজ্যোতি ডেকাই ।১১ বজাত গছপুলি ৰোপণ কৰে আন্ত:  ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ উপ সভাপতি নিলোৎপল ডেকা আৰু ৰিংকু ডেকাই ৷ দিনৰ ১২ বজাৰ পৰা আৰম্ভ হয় বিশেষ অভিনন্দন অনুষ্ঠান ৷  আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি ফণীচৰণ কাকতিয়ে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ভাষণত কয় যে বিফলতাই মানুহৰ জীৱনত সফলতা আনে ৷ অহংকাৰে মানুহৰ জীৱনত আগুৱাই যোৱাত বাধাৰ সৃষ্টি কৰে ৷কষ্ট  কৰি আগবাঢি যোৱা, কষ্ট  কৰিবলৈ ভয় কৰাৰ কোনো  প্ৰয়োজন নাই ৷ ধৈৰ্যৰে সৎ পথত থাকি নিজৰ লক্ষ্যত উপননীত হব লাগিব ৷ ছাত্ৰ-ছাত্ৰীসকলে সপোনক দিঠকত পৰিণত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব ৷ সকলো ছাত্ৰ-ছাত্ৰী শৈক্ষিক ভাবে সফল নহবও পাৰে ৷কিন্তু সেই সকল ছাত্ৰ-ছাত্ৰীৰ মাজত অন্য বিশেষ গুণ থাকিব পাৰে ৷ কোনোবাই খেলত আন কোনোবাই গীত মাততো প্ৰতিভা প্ৰদৰ্শন কৰিৰ পাৰে বুলিও কয় আৰক্ষী আয়ুক্তই ৷আমাৰ মাজত জ্ঞান থাকিব লাগিব ৷

জ্ঞান নাথাকিলে যি কোনো ক্ষেত্ৰতে আগুৱাই যাব নোৱাৰি ৷ইপিনে নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞাই কয় যে ছাত্ৰ-ছাত্ৰী সকলে নিজকে প্ৰস্তুত কৰি আগুৱাই যাব লাগিব ৷ নিজৰ লগতে ঘৰখন আৰু সমাজৰ হৈ কাম কৰি আগুৱাই যাব লাগিব বুলিও  কয় ৷সভাত উপস্হিত থকা আন এগৰাকী বিশিষ্ট অতিথি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মায়ো ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ ইপিনে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণা সঞ্চালক ড0 প্ৰবোধ বৰায়ো ছাত্ৰ-ছাত্ৰী উদ্দেশ্যে তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷

সভাৰ নিৰ্দিষ্ট বক্তা ড° প্ৰবোধ বৰাই ছাত্র ছাত্ৰী সকলক জীৱন যুজঁ ত সফলতা বিফলতাৰ বাখ্যাৰে কৰি বিফলতাৰ আঁৰত হতাশা নহৈ বিফলতাক সফলতাৰ মাপকাঠিৰে বিচাৰ বিশ্লেষণ কৰাৰ পৰামৰ্শ আগবঢ়ায় । আনহাতেসভাত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  সুখ্যাতিৰে উওীৰ্ণ হোৱা  শতাধিক  পৰীক্ষাৰ্থীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে আন্ত: ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত গঠিত  "শৈক্ষিক ন্যাস, ডিমৰীয়া"ৰ পৃষ্ঠপোষকতাত অঞ্চলটোৰ আৰ্থিকভাবে অনগ্ৰসৰ ১০ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়োৱা হয় ৷

উল্লেখ্য যে সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে  ৷ ইপিনে সভাত শেষত সন্ধিয়া ৭ বজাৰ পৰা স্বৰ্গীয় ঘনশ্যাম বৰুৱা সোঁৱৰণি নাটসন্ধ্যা বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হয় । মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ উপপৰিদৰ্শক সমৰ বৰুৱাই বন্তি প্ৰজ্জ্বলন কৰা নাটসন্ধ্যাৰ মঞ্চ মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশলয় দাসে ।নাটসন্ধ্যাত পিছতে কন্ঠশিল্পী ময়ুৰী দত্ত আৰু পংকজ ডেকাৰ সংগীতানুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

সোণাপুৰ