সোণাৰিত অৰুণোদয় আঁচনি হিতাধিকাৰিলৈ অনুমোদন পত্ৰ বিতৰণ সম্পন্ন

সোণাৰিত অৰুণোদয় আঁচনি হিতাধিকাৰিলৈ অনুমোদন পত্ৰ বিতৰণ সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউঃ সৱল মহিলাসকলে এটি শক্তিশালী পৰিয়াল গঢ়ি তোলে আৰু শক্তিশালী পৰিয়ালসমূহে একেলগে এটা শক্তিশালী জাতিৰ বুনিয়াদ ৰচনা কৰে। এই উদ্দেশ্য আগত ৰাখি সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অৰুণোদয় ২.০ আঁচনিৰ বাবে নতুনকৈ যি ৭ লাখ হিতাধিকাৰীক বাছনি কৰিছে।

এইসকলক আনুষ্ঠানিক ভাৱে পত্ৰ বিতৰণ কৰা অনুষ্ঠানৰ অংশ হিচাপে শুকুৰবাৰে চৰাইদেউ জিলা ত ১১০৪৫ গৰাকী নতুন হিতাধিকাৰী মহিলাক 'অৰুণোদয় কাৰ্ড' আৰু জিলা খনত ৪৫০০ খন চাইকেল বিতৰণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে।

সমগ্ৰ অসমত পূৰ্বতে ১৯ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিল আৰু এতিয়া ৭ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ল ৷ অসমৰ নিস্পেষিত, অৱহেলিত, বঞ্চিত মহিলাসকলক সকাহ দিয়াৰ হেতু প্ৰতিবছৰে ৪,২০০ কোটি টকা ব্যয় সাপেক্ষে মহিলা সবলীকৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰফলত বহু পৰিয়াল উপকৃত হ'ব বুলি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে মন্তব্য কৰে।

উক্ত সভাত উপস্থিত আছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী,চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, উপৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰুপ দত্ত, অসম গন পৰিষদৰ নাৰায়ণ লাহন, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, চৰাইদেউ জিলা সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰ আয়ুক্ত গিৰিণ গগৈ উপস্থিত আছিল।

সোণাৰিত অৰুণোদয় আঁচনি হিতাধিকাৰিলৈ অনুমোদন পত্ৰ বিতৰণ সম্পন্ন
কামৰূপ একাডেমী চৌহদত দুদিনীয়া সন্মিলনৰ বিশাল আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in