সোণাৰিত সাংস্কৃতিক মহা সংগ্ৰাম শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ...

সোণাৰিত সাংস্কৃতিক মহা সংগ্ৰাম শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ...
সোণাৰিত সাংস্কৃতিক মহা সংগ্ৰাম শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ...
Published on
Updated on

ডিজিটেল সংবাদ চৰাইদেউঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা সাংস্কৃতিক মহা সংগ্ৰাম ২০২৩-২৪ কাৰ্যসূচীৰ অংশ স্বৰূপে আজি ৰজাপুখুৰী গাঁও পঞ্চায়ত, সাপেখাতী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত সাপেখাতী গাওঁ পঞ্চায়তৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে। শুভাৰম্ভ কৰি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে মন্তব্য কৰে যে, সোণাৰি সমষ্টিত প্ৰায় ৬ হাজাৰ ১৪৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বাৰেৰহনীয়া সাংস্কৃতিক মিলন ভূমি অসমৰ সাংস্কৃতিক জগতখন চহকী কৰাৰ লগতে গীত, নৃত্যৰ লগত জড়িত বহু প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকাশ কৰি প্ৰতিষ্ঠিত কৰিবলৈও সক্ষম হ'ব বুলি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে উল্লেখ কৰে। এই সাংস্কৃতিক মহা সংগ্ৰামৰ জৰিয়তে অসমৰ সকলো জাতি, জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি সুৰক্ষিত কৰি অসমীয়া সংস্কৃতিক শক্তিশালী কৰিবলৈ সক্ষম হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে।

ৰজাপুখুৰীত তিনি শতাধিক আৰু সাপেখাতীত চাৰি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত অঞ্জনজ্যোতি দ'লে, সুৰ্বণা সোনোৱাল,সহখণ্ড উন্নয়ন বিষয়া অজন্তা গগৈ, অবিচি উন্নয়ন ব'ৰ্ডৰ চেয়াৰমেন নৱনীতা সন্দিকৈ, সোণাৰি সমষ্টিৰ সাংস্কৃতিক মহা সংগ্ৰামৰ মুখ্য আহ্বায়ক জয়ন্ত বৰুৱা, বিশিষ্ট সমাজকৰ্মী বানী চাংমাই,বিশিষ্ট সমাজকৰ্মী কাজল দে, সাপেখাতী গাঁও পঞ্চায়তৰ সভাপতি দিলীপ দত্ত, ৰজা পুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, লংপতীয়া গাঁও পঞ্চায়তৰ সভাপতি হৰি চন্দ্ৰ গগৈ,বিশিষ্ট সাংস্কৃতিক কৰ্মী মাখন কাকতি, বিবেকা হাজৰিকা, লাবন্য চলিহা, নলিণী আইদেউ, যুৱ সমাজ কৰ্মী জ্যোতিশ কোঁৱৰ, প্ৰদীপ শৰ্মা, দেৱ কুমাৰ গগৈ, ফিৰোজ কোঁৱৰ, প্ৰিতীমা চাংমাই, মৌচুমী গগৈ, প্ৰমুখ্যে সন্মানীয় বিচাৰক সকলৰ উপৰিও কেইবাজনো গন্য মান্য ব্যক্তি উপস্থিত আছিল ।

সোণাৰিত সাংস্কৃতিক মহা সংগ্ৰাম শুভাৰম্ভ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ...
ঢকুৱাখনাৰ বিশিষ্ট শিক্ষাবিদ সৰ্বেশ্বৰ সূত বৰুৱাৰ বিয়োগত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in