স্মৃতি ৰেখা কলিতাৰ কণ্ঠৰ আধুনিক গীত শুভমুক্তি…

স্মৃতি ৰেখা কলিতাৰ কণ্ঠৰ আধুনিক গীত শুভমুক্তি…

author-image
asomiyapratidin
New Update
স্মৃতি ৰেখা কলিতাৰ কণ্ঠৰ আধুনিক গীত শুভমুক্তি…

প্ৰতিদিন সংবাদ, নামৰূপ : দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত  দেওবাৰে  নামৰূপৰ শাস্ত্ৰীয় আৰু ভাৱ সংগীতৰ শিক্ষণ কেন্দ্ৰ  স্বৰগম ফাউণ্ডেশ্যনে অক্ষয়া  প্ৰডাকচনৰ বেনাৰত এটি অসমীয়া আধুনিক গীত  মুকলি কৰে।  শাস্ত্ৰীয় সংগীতৰ নিপুণ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ স্বীকৃতি প্ৰাপ্ত শিল্পী তথা সাংবাদিক স্মৃতি ৰেখা কলিতাই কণ্ঠ দান কৰা গীতটিৰ ৰচনা কৰে অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সহ সম্পাদক মানসী গোস্বামী বায়নে।

গীতৰ সুৰ আৰু সংগীত প্ৰতিষ্ঠিত সুৰকাৰ গায়ক দেৱজিৎ চৌধুৰীৰ। গুৱাহাটীৰ ড্ৰিম ষ্টুডিঅ'ত গীতটিৰ বাণীবদ্ধ কৰে জিন্টু বৰদলৈয়ে আৰু প্ৰযোজনা কৰে অক্ষয় প্ৰণৱ কলিতাই ।  গীতটিৰ লিৰিকেল অডিঅ' নিজা ইউটিউব চেনেল, এন পি এছ চেনেল আৰু ফেচবুক পেজত দেওবাৰে শুভ মুক্তি দিয়া হয়।

আৰু পঢ়ক : জাগীৰোডত ১২ টাকৈ অংগনবাড়ী কেন্দ্ৰ মুকলি মন্ত্ৰী পীযুষ হাজৰিকাৰ…

assam guwahati namrup song release