ডিজিটেল সংবাদ, ছয়দুৱাৰ : প্ৰয়াত সাংবাদিক পিতৃৰ কৰ্ম-সংস্কৃতিক জীয়াই ৰখাৰ আন্তৰিক প্ৰয়াস চলোৱা গহপুৰৰ এগৰাকী কৰ্মোদ্যোমী পুত্ৰ। নাম তেওঁৰ শোণিত হাজৰিকা। "ডিম্পু" নামেৰেহে বেছি জনপ্ৰিয়, শোণিত হাজৰিকাৰ ঘৰ গহপুৰ নগৰৰ ৬ নং ৱাৰ্ডৰ ছত্ৰং গুৰীত।
গহপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ হাজৰিকা আৰু বিশিষ্ট সমাজসেৱীকা বিৰজা হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ শোণিত হাজৰিকাই প্ৰয়াত পিতৃৰ কৰ্ম সংস্কৃতিক জীয়াই ৰখাৰ বাবে আন্তৰিকতাৰে চলাই গৈছে বিভিন্ন ইতিবাচক পদক্ষেপ। এন ডি এফ বিৰ তপত গুলীয়ে প্ৰাণ কাঢ়ি নিয়া বিশিষ্ট সাংবাদিক প্ৰকাশ হাজৰিকাৰ নীতি-আদৰ্শক তেওঁ আধাতে এৰি যোৱা কৰ্ম-সংস্কৃতিৰ মাজত জীয়াই ৰাখিবলৈ চাকৰিৰ মোহ এৰি ঘৰলৈ গুছি অহা শোণিত হাজৰিকা সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্র হিচাপে পৰিচিত আছিল।
উল্লেখ্য যে, ১৯৯২ চনত গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা ৬৭ শতাংশ নম্বৰ লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ উত্তীৰ্ণ হোৱা শোণিত হাজৰিকাই পৰৱৰ্তী সময়ত বিশ্বনাথ মহাবিদ্যালয় পৰা জীৱবিজ্ঞান বিষয়ক মুখ্য বিষয় হিচাপে লৈ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ আৰম্ভ কৰে চাকৰি জীৱন।
প্ৰথম তিনিবছৰ তেওঁ NEDSF নামৰ এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ প্ৰজেক্ট কো- অৰডিনেটৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰাৰ পৰবৰ্তী সময়ত তেওঁ বিদেশৰ Marcy Corps নামৰ এটা আন্তঃৰাষ্ট্ৰীয় এন জি অ'ত প্ৰজেক্ট অফিচাৰ হিচাপে যোগদান কৰি নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰে।
উপযুক্ত দৰমহা আৰু সা-সুবিধাৰ মাধ্যমেৰে উক্ত সেৱা আগবঢ়াই অহাৰ পিছত আধাতে তেওঁ চাকৰি এৰি ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল'বলগীয়া হয়। ২০০৯ চনৰ ৯ এপ্ৰিল, এই অভিশপ্ত দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন এন ডি এফ বিৰ দুই কেডাৰৰ এ কে ৪৭ ৰ তপত গুলীয়ে বুকু ভেদি গৈছিল শোণিত হাজৰিকাৰ পিতৃ প্ৰকাশ হাজৰিকাৰ। ঘৰৰ সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চকীত বহি থকা অৱস্থাত এ কে ৪৭ ৰ গুলীৰে থকা-সৰকা হৈ অকাল মৃত্যুক আঁকোৱালি লৈছিল বিশিষ্ট সাংবাদিক প্ৰকাশ হাজৰিকাই।
ইংৰাজী, অসমীয়া আৰু হিন্দী ভাষাৰ কেইবাখনো দৈনিক কাকতৰ গহপুৰৰ সাংবাদিক হিচাপে সুদীৰ্ঘ দিন সেৱা আগবঢ়াই অহা প্ৰকাশ হাজৰিকা যদিও সাংবাদিক আছিল কিন্তু তেওঁ এগৰাকী ব্যৱসায়ী আৰু উদ্যোগী হিচাপেও প্ৰতিষ্ঠিত আছিল। ফাৰ্নিচাৰ ব্যৱসায়ৰৰ জৰিয়তে প্ৰকাশ হাজৰিকাই প্ৰায় এক-ডেৰ দশক ধৰি কৰ্ম-সংস্কৃতিৰ উপযুক্ত নিদৰ্শন ডাঙি ধৰিছিল।
এই ব্যৱসায়ৰৰ জৰিয়তে তেওঁ আন দহ জনকো দিছিল কৰ্মসংস্থাপনৰ পথ। কিন্তু প্ৰকাশ হাজৰিকাৰ অকাল মৃত্যুৰ পিছত বন্ধ হোৱাৰ দিশে উপক্ৰম হৈছিল তেওঁৰ ফাৰ্নিচাৰৰ দোকান আৰু ফাৰ্নিচাৰ উদ্যোগৰ। কিন্তু প্ৰয়াত হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ শোণিত হাজৰিকাই পিতৃৰ এই কৰ্ম-সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত Mary Corps ৰ প্ৰজেক্ট অফিচাৰৰ চাকৰিটো ৬ বছৰ কৰাৰ পিছত ঘৰলৈ গুছি আহি পিতৃৰ কৰ্ম-সংস্কৃতিৰ মাজত সোমাই পৰে।
এগৰাকী কৰ্মনিষ্ঠা যুৱক হিচাপে পৰিচিত শোণিত হাজৰিকাই এইক্ষেত্ৰত অসমীয়া প্ৰতিদিনক কয় "এই কৰ্ম সংস্কৃতিৰ মাজত মই সদায় দেখা পাঁও মোৰ প্ৰয়াত পিতৃৰ প্ৰতিচ্ছবি আৰু পিতৃৰ নিষ্ঠা, সততা আৰু মানবীয় প্ৰমুল্যবোধ।" প্ৰয়াত পিতৃৰ কৰ্ম সংস্কৃতিৰ আদৰ্শক জীয়াই ৰাখিবলৈ শোণিত হাজৰিকাই নতুন ৰূপত সজাই পৰাই তোলা "Wood Craft Steel" নামৰ ফাৰ্নিচাৰ দোকান আৰু উদ্যোগে আকৰ্ষণ বৃদ্ধি কৰি তুলিছে গহপুৰ নগৰৰ ব্যৱসায়িক ক্ষেত্ৰৰ।সকলোৰে প্ৰিয়ভাজন শোণিত হাজৰিকাই তেওঁৰ এই ব্যৱসায়ৰ জৰিয়তে আন ১০/১৫ জন যুৱককো আত্মনিৰ্ভৰশীল কৰি তুলিছে।
"বানিজ্য বসতি লক্ষ্মী" এই আপ্ত বাক্যশাৰীক সৰোগত কৰি নিষ্ঠা, সততা আৰু বিশ্বাসৰ মাজেৰে ব্যৱসায় যাত্ৰা অব্যাহত ৰখা নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ শোণিত হাজৰিকা এগৰাকী সুদক্ষ ভলীবল খেলুৱৈ হিচাপেও পৰিচিত। গহপুৰ জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি আৰু ভলীবল শাখাৰ তত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা শোণিত হাজৰিকাই প্ৰতি বছৰে নৱপ্ৰজন্মৰ ভলীবল দলসমূহক বিভিন্ন ঠাইলৈ প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণৰ বাবে খেলিবলৈ লৈ যায়।
বিশ্বনাথ জিলা বক্সিং এছচিয়েছনৰ লগতো জড়িত তেওঁ। উল্লেখযোগ্য যে শোণিত হাজৰিকা যোৱা ২৫ বছৰ ধৰি জাপানৰ আগশাৰী এন জি অ' Soka Gakkai ৰ লগত জড়িত হৈ আছে। এই এন জি অ'টোৰ জৰিয়তে তেওঁ "মানুহ" হিচাপে নিজকে গঢ়ি তোলাৰ বাবে বিভিন্ন শিক্ষা গ্ৰহণ কৰি আন দহ জনকো সমাজত "মানুহ" হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে।
Also Read: চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ সন্ধানহীন যুৱক : আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ