সৰবৰাহ হৈয়ে আছে গাড়ীয়ে গাড়ীয়ে গো-ধনঃ শোণিতপুৰত ৫গাড়ী গো-ধনসহ আটক...

সৰবৰাহ হৈয়ে আছে গাড়ীয়ে গাড়ীয়ে গো-ধনঃ শোণিতপুৰত ৫গাড়ী গো-ধনসহ আটক...
Published on
Updated on

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৰ খনামুখত অবৈধভাৱে সৰবৰাহ কৰা গো-ধন জব্দ কৰিছে চাৰিদুৱাৰ থানাৰ আৰক্ষীৰ দলে। সৰবৰাহকাৰী দলটোৱে ৪৭ টাকৈ গো-ধন অবৈধভাবে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল।

লক্ষীমপুৰ জিলাৰ বঙালমৰাৰ পৰা নগাওঁ অভিমুখে ৫ খনকৈ গাড়ীত সৰবৰাহ কৰা হৈছিল এই গো-ধনকেইটা ৷ গো-ধন সৰবৰাহ কৰা জব্দ গাড়ীকেইখনৰ নম্বৰ হৈছে এ এছ-০২-ডিচি-০১৫৮, এ এছ-০২-বিচি-৯৩২৬, এ এছ-০২-ডিচি-০১৬৪, এ এছ-০২-ডিচি-৩২৬৬ আৰু এ এছ-০২-ডিচি-০৭৮১। উল্লেখ্য গো-ধন কঢ়িয়াই নিয়া আটাইকেইখন গাড়ী (মিনি ট্ৰাক) জব্দ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে।

তদুপৰি ঘটনা সন্দৰ্ভত চাৰিফুল ইচলাম, চাহিদুল ইচলাম, হাবিবুৰ ৰহমান, বাহৰুদ্দিন, নাগৰ আলি আৰু হজৰত আলি নামৰ ৬ জনকৈ সৰবৰাহকাৰীক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে।

সৰবৰাহ হৈয়ে আছে গাড়ীয়ে গাড়ীয়ে গো-ধনঃ শোণিতপুৰত ৫গাড়ী গো-ধনসহ আটক...
চেঞ্চুৰী কোবালে অসম চৰকাৰেঃ ঘোষণা কৰিলে ২২ হাজাৰ চাকৰি, ৪ খন জিলা, ৮১খন উপ-জিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in