ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল টকাসহ বহু মূল্যবান সা-সামগ্ৰী

ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল টকাসহ বহু মূল্যবান সা-সামগ্ৰী
Published on
Updated on

ডিজিটেল সংবাদ, শোনিতপুৰঃ শোনিতপুৰ জিলাৰ চতিয়াসমষ্টি অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ নদীদ্বীপ খ্যাত চিকমত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ঘৰৰ ৰান্ধনীশালৰ জুই সম্প্ৰসাৰিত হৈ সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত নদীদ্বীপ তথা চিকম গাঁও নিৱাসী দালুন মিলিৰ বাসগৃহটোৰ লগতে সকলো সম্পত্তি সম্পূৰ্ণ ভস্মীভূত হয় ৷

দুদিনপূৰ্বে দালুন মিলিয়ে পোহনীয়া গৰু বিক্ৰী কৰি পোৱা নগদ ৯০ (নব্বৈ)হেজাৰ টকাসহ কচু বিক্ৰী কৰি লাভ কৰা নগদ ধন ৬০ (ষাঠি) হেজাৰ টকা সহ মুঠ ১৫০,০০০ (একলাখ পঞ্চাশ) হেজাৰ টকাৰ নোট সমূহ পুৰি ছাই হৈ যায় । লগতে এখন ট্ৰেক্টৰ অগ্নিদগ্ধ হয় ৷ অগ্নিকাণ্ডত দালুন মিলিৰ নগদ ধন , সোঁনৰ আঅলংকাৰ আৰু ট্ৰেক্টৰ সহ প্ৰায় দহ লাখ টকাৰ সম্পত্তি ভোটাৰ আই দি,আধাৰ কাৰ্ড আদি সকলো নথিপত্ৰ জুইত জাহ যায় যদিও কথমপি ৰক্ষাপৰে পৰিয়ালটিৰ লগতে ওচৰ-চুবুৰীয়া ৷

অৱশ্যে এই জুই পাচত স্থানীয় ৰাইজে নুমুৱাবলৈ সক্ষম হয় ৷নদী দ্বীপটোলৈ নাৱেৰে যাব লগীয়া হোৱাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ কোনো ব্যৱস্থা নাই৷ সম্প্ৰতি নিজৰ আপোন ঘৰটিক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ । কৃষি কৰ্ম কৰি পৰিয়াল ভৰন পোষন দিয়া দুৰ্ভগীয়া পৰিয়ালটিক উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ‌ লগতে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক কাতৰ অনুৰোধ জানইছে স্থানীয় ৰাইজৰ লগতে পৰিয়াল বৰ্গই ৷

ভয়ংকৰ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল টকাসহ বহু মূল্যবান সা-সামগ্ৰী
বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in