টুপিয়াত অবৈধ সুৰাৰ সৈতে ৩ জনক আটক...

জামুগুৰি আৰক্ষীৰ অভিযান
টুপিয়াত অবৈধ সুৰাৰ সৈতে ৩ জনক আটক...
টুপিয়াত অবৈধ সুৰাৰ সৈতে ৩ জনক আটক...
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰি আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। জামুগুৰিহাটৰ টুপিয়াৰ ব্যৱসায়ী কেন্দ্ৰৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি।

জানিব পৰা মতে আজি সন্ধিয়া জামুগুৰি আৰক্ষীয়ে টুপিয়াৰ ব্যৱসায়ীক কেন্দ্ৰত এক অভিযান চলায়। এই অভিযানৰ সময়তে টুপিয়াৰ এখন হোটেলৰ পৰা অৰুণাচলী সুৰাখিনি জব্দ কৰা হৈছে। তাৰোপৰি আৰক্ষীয়ে এই অবৈধ কাৰোবাৰ চলাই থকা ৩ জন লোককো আটক কৰিছে।

অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই হোটেলখনৰ মালিক তথা মূল সুৰা ব্যৱসায়ী জন পলাই যাবলৈ সক্ষম হয়৷

টুপিয়াত অবৈধ সুৰাৰ সৈতে ৩ জনক আটক...
বিহালীক লৈ কংগ্ৰেছৰ সিদ্ধান্তই শেষ আৰু চূড়ান্ত সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in