Advertisment

পেট্ৰ'ল ভৰাই ধন নিদিয়াকৈ পলায়ন ৪ কিশোৰৰঃ এজাহাৰৰ ভিত্তিত আটক...

জামুগুৰিহাটৰ পাতলৰচুক আলিমুৰৰ নায়াৰা কোম্পানীৰ এটা তেল ডিপুত দুখনকৈ বিলাসী বাইকত পেট্ৰ’ল ভৰাই পলায়ন কৰা চাৰিজন কিশোৰক আটক কৰাৰ পাছতে সকলোকে চকু কপালত উঠিছে।

author-image
Asomiya Pratidin
New Update
জামুগুৰি

ডিজিটেল সংবাদ জামুগুৰিহাটঃ কোন দিশে ৰাজ্যৰ একাংশ শিক্ষাৰ্থী? স্খলিত সমাজ আৰু উপযুক্ত শিক্ষাৰ অভাৱত এতিয়া বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়ে ঠগ, প্ৰৱঞ্চনাৰে বিলাসী জীৱনৰ প্ৰতি আকৃষ্ট হৈ পৰা বিষয়টোৱে ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে।

Advertisment

জামুগুৰিহাটৰ পাতলৰচুক আলিমুৰৰ নায়াৰা কোম্পানীৰ এটা তেল ডিপুত দুখনকৈ বিলাসী বাইকত পেট্ৰল ভৰাই পলায়ন কৰা চাৰিজন কিশোৰক আটক কৰাৰ পাছতে সকলোকে চকু কপালত উঠিছে।

উল্লেখ্য যে, এই পেট্ৰল ডিপুত দুখন বাইকত পেট্ৰল ভৰাই ধন নিদিয়াকৈ পলায়ন কৰিছিল ৪ জন লোকে। এই ঘটনা সন্দৰ্ভত পেট্ৰল ডিপু কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিলৰ পাছতে আৰক্ষী তপৰ হৈ পৰে।

আৰক্ষীৰ এনে তৎপৰতাতে চকীঘাট দলঙৰ নিকটৱৰ্তী আৰক্ষীৰ পহৰা চকীত তেওঁলোকক বাইকসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই জানিব পৰা গৈছে ইয়াৰে বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত এই চাৰিওগৰাকী কিশোৰ।

জানিব পৰা মতে ইয়াৰে তিনিজন কিশোৰৰ ঘৰ তেজপুৰৰ কলিবাৰীত আৰু এজনৰ ঘৰ মূঢ়াটেতেলিত। জানিব পৰা মতে আজি আৰক্ষীয়ে চাৰিওকে আদালতত হাজিৰ কৰিছে। উল্লেখ্য যে, এই তেল ডিপুত মহিলা কৰ্মচাৰীয়েই গ্ৰাহক তেল বিতৰণ কৰে।

জামুগুৰিহাট