ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটত চিলনী চোৰৰ উপদ্ৰপ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে পুৱা পুনৰ চিলনী চোৰৰ আক্ৰমণৰ বলি হ'ল এগৰাকী মহিলা। নন্দিকেশ্বৰ গাঁৱৰ পূৰ্বালী শৰ্মা নামৰ মহিলাগৰাকীয়ে নিজৰ কন্যাক বিদ্যালয়ত থৈ স্কুটিৰে ঘুৰি অহাৰ সময়তে অনাকাঙ্খিত ঘটনাৰ সন্মুখীন হয়।
জানিব পৰা মতে জামুগুৰি উৰণীয়া সেতুৰ ওপৰত পালচাৰ বাইক লৈ অহা এজন যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিবলৈ চেষ্টা চলায় । হেলমেট পৰিধান কৰি অহা যুৱকজনৰ আক্ৰমণত মহিলাগৰাকী স্কুটীৰ পৰা পৰি যোৱাত ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হয়।
অৱশ্যে চেইন থপিয়াই নিবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱা যুৱকজন পিছত তীব্ৰগতিৰে চকীঘাট দলঙৰ ফালে পৰাই যাবলৈ সক্ষম হয়। ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাক অৱগত কৰিছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এমাহৰ ভিতৰত জামুগুৰিহাটত এইদৰে দিন- দুপৰতে ৫টাৰো অধিক চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। ইয়াকে লৈ এতিয়া ৰাইজ শংকিত আৰু ভীতিগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।
Also Read: নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ মৰিগাঁৱৰ ৰাইজঃ কবৰ স্থান নিদিয়াৰ সিদ্ধান্ত