'কনকলতা বিশ্ববিদ্যালয়'ৰ বাবে ৫৫০ বিঘা ভূমি দান কৰিব শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই

'কনকলতা বিশ্ববিদ্যালয়'ৰ বাবে ৫৫০ বিঘা ভূমি দান কৰিব শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই

author-image
Asomiya Pratidin
New Update
'কনকলতা বিশ্ববিদ্যালয়'ৰ বাবে ৫৫০ বিঘা ভূমি দান কৰিব শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই

ডিজিটেল সংবাদ, ছয়দুৱাৰ: পৰাধীনতাৰ দাসত্বৰ পৰা স্বদেশক মুক্ত কৰাৰ দৃঢ় সংকল্পৰে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসম ভূমিতো তীব্ৰতৰ হৈ উঠা ১৯৪২ চনৰ ঐতিহাসিক 'ভাৰত ত্যাগ' গণ আন্দোলনত অসমীয়া ডেকা গাভৰুৰ সক্ৰিয় ভূমিকা আৰু ত্যাগৰ অৱদান আছিল অতুলনীয়৷ সেই সময়ৰ ভাৰত ত্যাগ আন্দোলনৰ সৈতে আজিও স্মৃতিৰ পাতত খোদিত হৈ আছে গহপুৰৰ লগতে বীৰাংগনা কনকলতা বৰুৱাৰ নাম।

এই '৪২ ৰ ভাৰত ত্যাগ আন্দোলনত দেশ মাতৃৰ হকে বিট্ৰীছ পুলিচৰ তপত গুলী বুকু পাতি লৈ অকালতে জীৱন বন্তি নিৰ্বাপিত কৰি দেশৰ হকে ছহিদ হোৱা বীৰাংগনা কনকলতা বৰুৱাৰ মহান ত্যাগে গহপুৰৰ নাম জিলিকাই ৰাখিছে সমগ্ৰ বিশ্বতে।বীৰাংগনা কনকলতা বৰুৱাৰ ৰক্তৰে ৰঞ্জিত ঐতিহাসিক গহপুৰত "কনকলতা বিশ্ববিদ্যালয়" নামেৰে অসমৰ ভিতৰত এখন সৰ্ববৃহৎ বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে।

বীৰাংগনা কনকলতা বৰুৱাৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ নামত উৎসৰ্গা কৰা বিশ্ববিদ্যালয়খন গহপুৰ মহকুমাত স্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থাৰ বিষয়ে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাবে ঘোষণা কৰিছে। "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছত গহপুৰ মহকুমাৰ ৰাইজ উৎফুল্লিত হৈ থকাৰ সময়তে "কনকলতা বিশ্ববিদ্যালয়"ৰ প্ৰসংগত শেহতীয়াভাৱে অহা আন এটা যোগাত্মক খবৰে যথেষ্ট উৎসাহিত কৰি তুলিছে গহপুৰ বাসী ৰাইজক।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে যিহেতু উক্ত বিশ্ববিদ্যালয়খন অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ বিশ্ববিদ্যালয় হ'ব তেনেক্ষেত্ৰত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে উপযুক্ত ভৌগোলিক পৰিৱেশৰ প্ৰায় ৫৫০ বিঘা মাটিৰ প্ৰয়োজন হ'ব। বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত একেঠাইতে ইমান পৰিমাণৰ মাটি পোৱাতো এক অসুবিধাজনক বিষয় যদিও এই অসুবিধা দূৰ কৰি কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰয়োজন হোৱা ভূমি মুক্ত মনেৰে আগবঢ়াবলৈ আগবাঢ়ি আহিছে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ।

জানিব পৰামতে, গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ঘাঁহিগাঁও চাৰিআলিৰ উত্তৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অফৰাখাটত শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ প্ৰায় ৬২৫ বিঘা মাটি(লাখেৰাজ) আছে। বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ গাতে লাগি থকা অফৰাখাটৰ উক্ত লাখেৰাজ ভূমিত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি বিচাৰি শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত ৰাইজে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সত্ৰাধিকাৰ প্ৰভুৱে অসম চৰকাৰ আৰু ৰাইজৰ এই মহৎ উদ্দেশ্যক সাফল্যমণ্ডিত কৰি তুলিবলৈ নিষ্ঠাৰে আগবাঢ়ি আহিছে।

কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে উপযুক্ত ভৌগোলিক অৱস্থান থকা উক্ত ভূমি দান কৰাৰ ক্ষেত্ৰত যোগাত্মক সঁহাৰি জনাই শ্ৰীশ্ৰী দক্ষিণপাটীয় সত্ৰাধিকাৰ গোস্বামীৰ হৈ প্ৰদুন্ন্য দত্তই মঙলবাৰে হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত এখন লিখিত আবেদন দাখিল কৰিছে। উক্ত ভূমিৰ নৱীকৰণকৃত ৰায়তৰ তালিকা, ভূমিৰ মানচিত্ৰ আৰু ছীঠা বহীৰ নকল বিচাৰি জনোৱা আবেদনখনত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ভূমি দান কৰিব পাৰিলে তেওঁলোক কৃতাৰ্থ হ'ব বুলি উল্লেখ কৰিছে।

কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজন হোৱা ভূমি দান কৰিবলৈ আগবাঢ়ি অহা শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ এই মহানুভৱতাক আন্তৰিকতাৰে শলাগ লৈছে সকলো শ্ৰেণীৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়কৰ লগতে গহপুৰ মহকুমা আৰু বিশ্বনাথ জিলা প্ৰশাসনে সঁহাৰি জ্ঞাপন কৰিলে বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমিক সঠিক মূল্যায়ন কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে বৌদ্ধিক মহলে।

Also Read: দুই শিশুৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ পাছতে পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত

কনকলতা বিশ্ববিদ্যালয় শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ