ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰত ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যােগত ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ পালন। ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী।
পুষ্টিগত সঁজাগতাৰ বাবে এই পোষণ মাহ পালন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে জন্মৰ পৰা ৬ বছৰ বয়সলৈকে শিশু আৰু কিশোৰী, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰি থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবেই পোষণ মাহ পালন কৰা হৈছে।
সঁজাগতা বৃদ্ধি কৰা, স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাটোৱেই হৈছে পোষণ মাহৰ লক্ষ্য।গহপুৰত এই পোষণ মাহৰ কাৰ্যসূচী শুভ উদ্ধোধন কৰে মহকুমাধিপতি লুকুমনি বৰাই।
Also Read: ৬০ উৰ্দ্ধৰ ভাৱৰীয়াই পৰিৱেশন কৰিলে "ৰাম পৰাজয়, সীতাৰ পাতালগমণ"