ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...

এই পাঠ্যক্ৰমৰ বাবে স্বীকৃতি প্ৰাপ্ত অসমৰ চাৰিখন মহাবিদ্যালয়ৰ ভিতৰত ছয়দুৱাৰ মহাবিদ্যালয়ো অন্যতম
ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...
ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...
Published on
Updated on

ডিজিটেল সংবাদ ছয়দুৱাৰ: উত্তৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল আন এক পাঠ্যক্ৰম পূৰ্ণাঙ্গ শিক্ষক শিক্ষা কাৰ্যক্ৰম (Integrated Teacher Education Programme)।এতিয়াৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ত চাৰি বছৰীয়া B.A.B.Ed বা B.Sc.B.Ed. পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰিব।

এই পাঠ্যক্ৰমৰ বাবে স্বীকৃতি প্ৰাপ্ত অসমৰ চাৰিখন মহাবিদ্যালয়ৰ ভিতৰত ছয়দুৱাৰ মহাবিদ্যালয়ো অন্যতম। বৰ্তমান বিশ্বনাথ জিলাৰ বৃহৎ এলেকাসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছয়দুৱাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি আহিছে।অতীজৰে পৰা বৰ্তমান সময়লৈকে ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মহাবিদ্যালয়খনৰ বাবে এক গৌৰৱোজ্জল বিষয় এয়ে যে, সৰ্বভাৰতীয় পৰ্যায়ৰ শিক্ষা গ্ৰহণ ব্যৱস্থাত এই নতুন পাঠ্যক্ৰমে এক বৃহৎ সপোন বাস্তবায়িত কৰিলে।National Council for Teachers Education ৰ পাঠ্যক্ৰম Integrated Teacher Education Programme (ITEP) ৰ পাঠ্যক্ৰমৰ মহাবিদ্যালয়খনত শ্ৰেণীসমূহৰ পাঠ্যক্ৰমৰ মঙ্গলবাৰে আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা হয়।

কাৰ্য্যসূচী অনুসৰি পুৱা ১০-৩০ বজাত আৰম্ভ হোৱা শুভ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি খগেন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। ড০ মোহিনী মোহন বৰাই আঁতধৰা অনুষ্ঠানটোত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতে সকলোকে আদৰণি জনায়।

সভাৰ উদ্বোধক হিচাবে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ লিম্পন বৰা। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্তৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বিধায়ক উৎপল বৰাই ভাষণ প্ৰসঙ্গত কয় যে, এই পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ পিছতহে নামভৰ্তি সম্ভৱ হয়। স্নাতক ডিগ্ৰী অধ্যয়ন কালতে চাৰিটা বছৰত একেলগে দুটা বিষয়ত সন্মানসহ দুটা ডিগ্ৰী লাভ কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এয়া এক ব্যতিক্ৰমী শিক্ষাগত অৰ্হতা লাভৰ সুযোগ লগতে ঐতিহাসিক শিক্ষানুষ্ঠানখন ভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠাতো গহপুৰবাসীৰ বাবে গৌৰবৰ বিষয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতে উক্ত নৱতম পাঠ্যক্ৰমৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

তেওঁ কয় যে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিহেতু ২০৩০ চনৰ পৰা শিক্ষা বিভাগত Integrated Teacher Education Programme ( ITEP) বাধ্যতামূলক কৰা হৈছে সেয়েহে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰী সকলে এই শিক্ষা গ্ৰহণ কৰি যথেষ্ট লাভাম্বিত হ'ব। এই পাঠ্যক্ৰমৰ জৰিয়তে ভবিষ্যতে দক্ষ, যোগ্য আৰু আদৰ্শবান শিক্ষক গঢ়ি তুলি ভাৰত বৰ্ষত শিক্ষকৰ নাটনি অনুভৱ কৰা নহ'ব বুলি তেওঁ উল্লেখ কৰে।

অসমৰ চাৰিখন মহাবিদ্যালয়ৰ ভিতৰত ছয়দুৱাৰ মহাবিদ্যালয়খন এই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে তেঁও সন্তোষ প্ৰকাশ কৰাৰ লগতে এইয়া কেৱল তেওঁলোকৰ সফলতা নহয়, যিসকল স্বনামধন্য ব্যক্তিৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত ছয়দুৱাৰ মহাবিদ্যালয়খন গঢ় লৈ উঠিছিল তেওঁলোকৰ আশীৰ্বাদ আৰু গহপুৰবাসীৰ আন্তৰিকতা আৰু সহযোগীতাৰ বাবেই আজি এয়া সম্ভৱ হৈছে বুলি তেওঁ কয়।

মহাবিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিগৰাকী শুভাকাংক্ষী লৈ তেওঁ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি এই সাফল্যৰ বাবে সকলো অংশীদাৰ বুলি অভিহিত কৰে। স্থানীয় শিক্ষানুৰাগী ৰাইজৰ উপস্থিতিত এক আনন্দময় পৰিবেশেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...
স্বাগত হাস্পতালত প্ৰষ্টেট কৰ্কট ৰোগীৰ ৰবটিক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in