ডিজিটেল ডেস্কঃ যুৱ অভিনেতা, নাট পৰিচালক বিজয় শংকৰ শইকীয়া আৰু নাই। বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা, পৰিচালকগৰাকীয়ে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিজয় শংকৰ শইকীয়া মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। মত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৯ বছৰ। প্ৰয়াত বিজয় শংকৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সদস্যৰ লগতে নিয়মীয়া নাট্যকৰ্মীও আছিল। মঞ্চ, দূৰদৰ্শন আৰু বোলছবি জগতৰ চিনাকী মুখ হৈ পৰা বিজয় শংকৰৰ মৃত্যুত তেজপুৰৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিহুৱা, বিহুৱতীক আনুষ্ঠানিক ভাৱে গীনিজ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কৃত কৰাৰ অনুষ্ঠানত বিজয় শংকৰ শইকীয়াই পৰিচালনা কৰাৰ লগতে লগতে নিজেও অভিনয় কৰি পথ সুৰক্ষা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছিল। এয়াই আছিল তেওঁৰ আনুষ্ঠানিক অন্তিম অভিনয় তথা নাট পৰিচালনা।
স্মৰ্তব্য,বিজয় শংকৰ শইকীয়াৰ পিতৃ আছিল প্ৰয়াত উদয় শংকৰ শইকীয়া। পিতৃৰং পদাংক অনুসৰণ কৰিয়েই তেওঁ অভিনয় জগতখনৰ সৈতে জড়িত হৈ পৰিছিল। মৃত্যুৰ সময়ত বিজয় শংকৰ শইকীয়াই দুই সন্তানৰ সৈতে এৰি থৈ যায় পত্নীক। তেওঁৰ মৃত্যুত তেজপুৰৰ বাণ থিয়েটাৰৰ লগতে বিভিন্ন দল, সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
Also Read: হাতীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ মৃত্যু...