ভালুকপুঙত দুৰ্ঘটনাত পতিত বায়ু সেনাৰ বাহনঃ বিষয়াসহ ৫ জন গুৰুতৰভাৱে আহত

নিয়ন্ত্ৰণ হেৰুৱাই দেৱালত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা
ভালুকপুঙত দুৰ্ঘটনাত পতিত বায়ু সেনাৰ বাহনঃ বিষয়াসহ ৫ জন গুৰুতৰভাৱে আহত
ভালুকপুঙত দুৰ্ঘটনাত পতিত বায়ু সেনাৰ বাহনঃ বিষয়াসহ ৫ জন গুৰুতৰভাৱে আহত
Published on
Updated on

ডিজিটেল সংবাদ জামুগুৰিহাটঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপংত। সোমবাৰে বায়ু সেনাৰ এখন বাহনে খুন্দা মাৰে ভালুকপুং স্থিত আই টি বি পি কেম্পৰ দেৱালত। ফলত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা ৫ জন লোক।

জানিব পৰা মতে ভালুকপুঙৰ পৰা বালিপৰা অভিমুখে আহি আছিল এখন স্ক'ৰপিঅ' বাহন। বাহনখনত আছিল বায়ুসেনাৰ জোৱানৰ সৈতে এজন লেফ্টেনেণ্ট কৰ্ণেল। তাৰ মাজতে এই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ভালুকপুঙৰ আই টি বি পি কেম্পৰ দেৱাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত বাহখনত থকা বায়ুসেনাৰ জোৱানসহ বিষয়াগৰাকী আহত হয়। আহতসকল ক্ৰমে লেফ্টেনেল কৰ্নেল উদিতাংশু কৈৰী, জিতু মিত্ৰ দেৱশৰ্মা,নিশান্ত সিং, বিকাশ কুমাৰ কৈৰী, আৰু বিশাল কুমাৰ কৈৰী। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক। তেওঁলোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-12-AH-4211।

ভালুকপুঙত দুৰ্ঘটনাত পতিত বায়ু সেনাৰ বাহনঃ বিষয়াসহ ৫ জন গুৰুতৰভাৱে আহত
হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in