চতিয়াত 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচী

চতিয়াত 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে বীৰ শ্বহীদ সকলৰ স্মৃতিত দিল্লীত অমৃত উদ্যান নিৰ্মাণত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালৰ পৰা চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান ৷ এই উপলক্ষে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উদ্যোগত সমষ্টিটোৰ প্ৰতিটো গাঁও পঞ্চায়ততে ভূমি সংগ্ৰহৰ অভিযান আৰম্ভ হৈছে।

সমষ্টিটোৰ পূব বৰভগীয়া গাঁও পঞ্চায়তৰ এলেকাধীন সকলো পৰিয়ালৰ গৃহৰ পৰা অমৃত কলহৰ জৰিয়তে সংগ্ৰহ কৰা মাটি গাঁও পঞ্চায়তখনৰ অন্তৰ্গত শেনচোৱা গাঁওৰ নামঘৰত ৰখাৰ পিছত শনিবাৰে এই মাটি বিশাল শোভাযাত্ৰা কৰি পূব বৰভগীয়া গাঁওৰ কাৰ্য্যালয়লৈ লৈ অনা হয়। পৰৱৰ্তী সময়ত এই মাটি নদুৱাৰ উন্নয়ন খণ্ডৰ জৰিয়তে জিলা আৰু গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ অন্তত দিল্লীলৈ পঠিওৱা হ'ব।

প্ৰায় ২হাজাৰৰো অধিক লোকে অংশ গ্ৰহণ কৰা এই শোভাযাত্ৰাত শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু পূব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাসৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

চতিয়াত 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচী
নগাঁৱত অচল হ'ল প্ৰশাসন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in