অসম ৰাইফলচৰ উদ্যোগত মহিলা ফুটবল খেল: উপস্থিত থাকে গোলাপ চান্দ কাটাৰিয়া

অসম ৰাইফলচৰ উদ্যোগত মহিলা ফুটবল খেল: উপস্থিত থাকে গোলাপ চান্দ কাটাৰিয়া
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰহৰী অসম ৰাইফলচৰ উদ্যোগত দেওবাৰৰ পৰা শোণিতপুৰ জিলাৰ লখৰাৰ অসম ৰাইফলচৰ খেল পথাৰত প্ৰথম উত্তৰ পূৰ্বাঞ্চল মহিলা চেন্টিনেল কাপ ২০২৪ ফুটৱল খেল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই উপলক্ষে দেওবাৰে বিয়লি অসম ৰাইফলচৰ (লোক্ৰা)লখৰা ফুটবল খেল পথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই ৷

অসম ৰাইফলচে খেলক বিশেষকৈ মহিলাৰ ফুটবল খেলক আগুৱাই নিয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মহিলা ফুটৱল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰে ৰাজ্যপালগৰাকীয়ে। আনহাতে মহিলা ফুটবল খেল প্ৰতিযোগিতা খনিত অসম ৰাইফলচৰ লগতে অৰুণাচল, মিজোৰাম,নাগালেণ্ড,মণিপুৰ আদিকে ধৰি উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমুহৰ ৮ টাকৈ মহিলা ফুটবল দলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যে উক্ত প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ মহিলা ফুটবল দলৰ প্ৰাক্তন অধিনায়ক পদ্মশ্ৰী ঐনাম বেমবেম দেৱী। লখৰাৰ DGAR ফুটবল দল আৰু অসম ফুটবল দলৰ মাজত অনুষ্ঠিত উদ্ধোধনী খেলখনত খেলুৱৈসকলে আকৰ্ষণীয় খেলৰ কৌশল প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷

অসম ৰাইফলচৰ উদ্যোগত মহিলা ফুটবল খেল: উপস্থিত থাকে গোলাপ চান্দ কাটাৰিয়া
জাহাঙ্গীৰ হত্যাকাণ্ড: ঢকুৱাখনাত উপস্থিত চি আই ডিৰ মুৰব্বী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in