ৰঙাপৰাৰ বাগানে বাগানে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্য্যসূচী

ৰঙাপৰাৰ বাগানে বাগানে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্য্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বুধবাৰে ৰঙাপৰাৰ বিভিন্ন বাগিচাই বাগিচাই অসম চাহ মজদুৰ সংঘই ধৰ্ণা কাৰ্য্যসুচী ৰূপায় কৰে ৷ চাহ শ্ৰমিকৰ সকলৰ বিভিন্ন সমস্যা সমাধানৰ হেতু ৯ দফিয়া দাবীৰে ১ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে অসম চাহ মজদুৰ সংঘই ৷

বিভিন্ন শ্লোগানেৰে চাহ বাগিচাৰ কাৰ্য্যলয় চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ শ্ৰমিক ৰাইজে বসবাস কৰা জৰাজীৰ্ণ ঘৰ-দুৱাৰ , শৌচাগাৰ আদি মেৰামতি কৰা, চিকিৎসালয়সমূহত ডাক্তৰ, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ লগতে ঔষধৰ যোগান ধৰা, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুটি,ভৱিষ্যনিধিৰ ধন শীঘ্ৰে মোকলাই দিয়া, মাটিৰ পট্টা প্ৰদান কৰাকে ধৰি ৯ দফিয়া দাবীসমূহ পূৰণৰ দাবী জনায় ৷

ৰঙাপৰাৰ বাগানে বাগানে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্য্যসূচী
দৰমহা লাখত ! অসমত চৰকাৰী ডাক্তৰে চাকৰি এৰিছে প্ৰতিটো মাহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in