ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক

অভিযুক্তক নাপায় স্থানীয় ৰাইজে মাৰধৰ কৰিলে জ্যেষ্ঠ ভাতৃক
ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক
ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক
Published on
Updated on

ডিজিটেল সংবাদ ওৰাংঃ ২৪ জুনত ঢেকীয়াজুলিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণৰ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ঢেকীয়াজুলিৰ কাষৰে তেলিয়াগাওঁ অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়াগাওঁত এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে গৰু এৰাল দিবলৈ যাওঁতেই এখন ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত আনাৰুল ইছলাম নামৰ এটা লম্পট চৰিত্ৰৰ যুৱকে কিশোৰীগৰাকীৰ সৈতে অপকৰ্মৰত লিপ্ত হোৱাৰ চেষ্টা কৰে।

অৱশ্যে কিশোৰীগৰাকীয়ে গাৰ বলেৰে যুৱকজনৰ কৱলৰ পৰা মুক্ত হ'বলৈ সক্ষম হয় আৰু স্থানীয় লোকক ঘটনাৰ সবিশেষ অৱগত কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ আনাৰুল ইছলামক বিচাৰি বাসগৃহত উপস্থিত হয়।

ইফালে অপকৰ্মত লিপ্ত হোৱাৰ চেষ্টা কৰি বিফল হোৱা আনাৰুলে পৰিস্থিতি ভয়াবহতা উপলব্ধি কৰি ঘৰ তথা গাঁৱৰ পৰা পলায়ন কৰে। উত্তেজিত ৰাইজে আনাৰুলক নাপায় জ্যেষ্ঠ ভাতৃক মাৰধৰ কৰে।

পৰৱৰ্তী সময়ত স্থানীয় ঠেলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আনাৰুলৰ জ্যেষ্ঠ ভাতৃক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আনে। পিছে বাতৰি লিখাৰ সময়লৈকে ধৰ্ষণৰ দৰে অপকৰ্ম সংঘটিত কৰিবলৈ চেষ্টা কৰা আনাৰুলক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, ঢেকীয়াজুলি আৰু ইয়াৰ দাঁতিকষৰীয়া অঞ্চলত যোৱা ২৪ জুনত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি যথেষ্ট চাঞ্চল্যৰ সমান্তৰালকৈ এক চেপা উত্তেজনাও অব্যাহত আছে। এগৰাকী ১৫ বছৰীয়া কিশোৰীক টিউচনৰ পৰা ঘূৰি অহাৰ সময়তে অৰুণ চাহ বাগিচাত ছহিদুল নামৰ এটা লম্পটৰ লগতে আন ৪ টাই মিলি ধৰ্ষণ কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে ছহিদুলক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী ৪ টা পলাতক অৱস্থাত আছে। সেয়ে অঞ্চলটোত এনে অপৰাধী মানসিকতাৰে একাংশ লোকে চলাফুৰা কৰি থকা বিষয়টোত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ। সেয়ে শীঘ্ৰেই এনে অপকৰ্মত লিপ্তসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে।

ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক
ঢেকীয়াজুলিত কিশোৰীক দলবদ্ধ ধৰ্ষণঃ ছহিদুলকে ধৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in