বিহালীত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ সংঘাত তুংগত...

সমষ্টিটোৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ কৌশলীস্থিতিঃ ৰঞ্জিত দত্তই আৰম্ভ কৰিছে পচন্দৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ
বিহালীত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ সংঘাত তুংগত...
বিহালীত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ সংঘাত তুংগত...
Published on
Updated on

ডিজিটেল সংবাদ বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাটতে জোঁকাৰিছে দিছপুৰ, বাজপেয়ী ভৱন৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বিহালীৰ সদ্য প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই গৃহ সমষ্টিটোৰ ক্ষমতা গতাব বিচৰা নাই বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, বিহালীৰ প্ৰাক্তন বিধায়ক পল্লৱলোচন দাসক৷

ফলত বিহালীৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাটে অস্বস্তিত পেলাইছে স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উপ নিৰ্বাচনৰ পূৰ্বেই তেওঁৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত পল্লৱ লোচন দাসক কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব দি বিহালীৰ উপ নিৰ্বাচনৰণ ৰণত নমাবলৈ পৰিকল্পনা কৰিছিল৷ পিছে প্ৰাৰ্থিত্বৰ সংঘাটে মুখ্যমন্ত্ৰীৰ মন্ত্ৰী সভা গঠনত অংকত লগাইছে খেলিমেলি৷

দৰাচলতে,বিহালীৰ প্ৰাক্তন বিধায়ক, নৱ নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তই বিহালীৰ বিধায়কৰ ক্ষমতা কিয় নিজ হাতত ৰাখিবলৈ উদ্যত হৈছে সি এক ৰহস্যৰ বিষয়ত পৰিণত হৈছে৷ এক ভিতৰুৱা সূত্ৰ অনুসৰি বিহালী উপ নিৰ্বাচনত ৰঞ্জিত দত্তৰ নিজ পচন্দৰ প্ৰাৰ্থী প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'লে ৰাজনৈতিক কূট-কৌশল, স্থিতি পৰ্যন্ত সলনি কৰিব পাৰে৷

চৰ্চা অনুসৰি ৰঞ্জিত দত্তৰ প্ৰথমগৰাকী পচন্দৰ প্ৰাৰ্থী হ'ল বিহালী মণ্ডল বিজেপিৰ সম্পাদক গোৰ্খা সম্প্ৰদায়ৰ সুমন শৰ্মা। দ্বিতীয়গৰাকী পচন্দৰ প্ৰাৰ্থী হ'ল চাহ জনগোষ্ঠীয় নেতা জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰ৷

বিহালত সাংসদ ৰঞ্জিত দত্ত আৰু পল্লৱলোচন দাসৰ মাজত চলা উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাট সাময়িকভাৱে শান্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিবাহক সভাত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত স্পষ্টভাৱে বিহালীৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন ৰাজ্যিক সভাপতি,বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তক দ্বায়িত্ব অৰ্পন কৰে৷

এই কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত দত্তৰ নাম উচ্চাৰণ কৰি বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ দ্বায়িত্ব আৰু জয়ী কৰাই নিয়াৰো দ্বায়িত্ব প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ দ্বায়িত্ব ৰঞ্জিত দত্তক দিয়াত বিহালীত ৰঞ্জিত দত্ত পন্থী শিবিৰত আনন্দৰ বন্যা বৈছে৷

প্ৰথমে ৰঞ্জিত দত্তই বিহালীৰ উপ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে নবিজেপি জয়ন্ত বৰাক প্ৰক্ষেপ কৰিব বুলি বিহালীত চৰ্চা হৈছিল যদিও এতিয়া ৰঞ্জিত দত্তৰ পচন্দৰ প্ৰাৰ্থী তালিকাত নাই জয়ন্ত বৰাৰ নাম।

গুৰুত্বপূৰ্ণ যে ৰঞ্জিত দত্তই জিলা সভাপতি দিগন্ত ঘাটোৱাৰক লগত লৈ বিহালীত সভা সমিতি কৰি ফুৰা পৰিলক্ষিত হৈছে। যাৰবাবে বিহালী বিজেপিৰ তৃণমূলৰ নেতা কৰ্মীয়ে বিহালী উপ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰেই বুলি নিশ্চিত হৈছে৷

ইপিনে সাংসদ ৰঞ্জিত দত্তই সাংবাদিকৰ হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ ৰঞ্জিত দত্তক প্ৰাৰ্থী চূড়ান্ত কৰাৰ ক্ষমতা দিয়া নাই বুলি মত প্ৰকাশ কৰে৷ ৰঞ্জিত দত্তই বিহালী উপ নিৰ্বাচনৰ সম্পৰ্কত কয় যে- মুখ্যমন্ত্ৰীয়ে মোক দ্বায়িত্ব দিছে মানে,দলক দিছে ৷ ব্যক্তি বিশেষে নিৰ্বাচন নহয়৷ দলে নিৰ্বাচন কৰিব৷ দলৰ কাৰ্যকৰ্তাসকল আছে। ৰাষ্ট্ৰীয় কমিটী‌,ৰাজ্যিক কমিটী আছে। সকলোৱে মিলি উমৈহতীয়া প্ৰচেষ্ঠাত প্ৰাৰ্থী বাঁচনি হ'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে৷

এনে পৰিস্থিতিত বাস্তৱতে সাংসদ ৰঞ্জিত দত্তৰ প্ৰক্ষেপিত প্ৰাৰ্থীকে বিজেপিয়ে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে নাই অথবা মুখ্যমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহক সভাত কৰা সেই মন্তব্য কেৱল সংঘাত হ্ৰাস কৰা সাময়িক এক কৌশল আছিল সেয়া প্ৰাৰ্থী ঘোষণাৰ লগে লগে স্পষ্ট হ'ব। কিন্তু এই কথা নিশ্চিত যে, এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভৰ সপোন দেখা পল্লৱ লোচন দাসলৈ সমষ্টিটোত যথেষ্ট প্ৰত্যাহ্বান আহিছে। সমষ্টিটোত পূৰ্বৰে পৰা চলি থকা ৰঞ্জিত দত্ত আৰু পল্লৱ লোচন দাসৰ যুঁজখন পুনৰ এবাৰ গা কৰি উঠিছে।

বিহালীত পল্লৱলোচন দাস আৰু ৰঞ্জিত দত্তৰ সংঘাত তুংগত...
বৰদৈবাম চাহ মজদুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন শিক্ষামন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in