মণিপুৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথত সংহতি দিৱস পালন

মণিপুৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথত সংহতি দিৱস পালন
Published on
Updated on

ডিজিটেল সংবাদ, বিশ্বনাথঃ চি আই টি ইউ, এ আই কে এচ, এ আই ডি ডব্লুউ এ, এ এফ আই আৰু ডি ৱাই এফ আইৰ উদ্যোগত নেতা, সদস্যসকলৰ দ্বাৰা মণিপুৰত হোৱা নাৰী নিৰ্যাতন গণহত্যা আৰু হিংসাৰ প্ৰতিবাদত বিশ্বনাথ চাৰিআলিত সংহতি দিৱস পালন কৰা হয় ৷

মঙলবাৰৰ এই কাৰ্যসূচীত বিশ্বনাথ জিলা কমিউনিষ্ট পাৰ্টিৰ সম্পাদক গংগা পৰাজুলীয়ে মণিপুৰত সংঘটিত হোৱা বৰ্বৰ নাৰী নিগ্ৰহৰ বিষয়ে বক্তব্য ৰাখে ৷ পৰাজুলীয়ে কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ নীতিৰ কঠোৰ সমালোচনা কৰাৰ লগতে চৰকাৰৰ পৃষ্ঠপোষকতাত আজিও উত্তাল হৈ থকা মণিপুৰত শীঘ্ৰেই শান্তি প্ৰতিষ্ঠা কৰাৰ দাবী জনায়৷

এই কাৰ্যসূচীত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় সদস্য অনু ৰিজাল, জিলা সদস্যা সৰোজ নাথ, চিআইটিইউৰ সম্পাদক মণ্ডলীৰ সদস্য দিনেশ নায়ক আৰু ডিৱাইএফআইৰ জিলা সম্পাদক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে মণিপুৰত অব্যাহত থকা গৃহযুদ্ধৰ অৱসান ঘটাই শান্তি প্ৰতিষ্ঠা কৰিব লাগে বুলি দাবী কৰে ৷

মণিপুৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথত সংহতি দিৱস পালন
লাডাখৰ পাংগং হ্ৰদত ১৩৯তম গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবুল ৩২০

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in