বিজেপিৰ প্ৰাৰ্থী পেনেলে সন্ত্ৰাসিত কৰিছে বিশ্বনাথ কংগ্ৰেছকঃ বিজেপি নেতাৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা...

বিশ্বনাথ জিলা কংগ্ৰেছৰ সংবাদ মেল সম্বোধন
বিজেপিৰ প্ৰাৰ্থী পেনেলে সন্ত্ৰাসিত কৰিছে বিশ্বনাথ কংগ্ৰেছকঃ বিজেপি নেতাৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা...
বিজেপিৰ প্ৰাৰ্থী পেনেলে সন্ত্ৰাসিত কৰিছে বিশ্বনাথ কংগ্ৰেছকঃ বিজেপি নেতাৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা...
Published on
Updated on

ডিজিটেল সংবাদ বিহালীঃ বিহালী বিধানসভা উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ পেনেলে এতিয়া সন্ত্ৰাসিত কৰি তুলিছে বিশ্বনাথ জিলা কংগ্ৰেছকো।ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বিজেপি প্ৰাৰ্থীৰ পেনেলত নাম নাই ২০২১ চনত বিহালী বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমান বিজেপি নেতা জয়ন্ত বৰাৰ।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে বিজেপি নেতা জয়ন্ত বৰাই বিজেপিৰ পৰা বিহালী সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ইতিমধ্যে বিহালীৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু শেহতিয়াকৈ বিজেপিয়ে তৈয়াৰ কৰা প্ৰাৰ্থীৰ পেনেলত বিজেপি নেতা জয়ন্ত বৰাৰ নাম নথকা বাবে বিজেপি নেতা জয়ন্ত বৰা কংগ্ৰেছত যোগদান কৰাৰ যো-জা চলোৱাৰ এক তথ্য লাভ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে।

যাৰ বাবে আজি বিশ্বনাথৰ ৰাজীব ভৱনত বিশ্বনাথ জিলা কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদ মেল যোগে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই কয় যে বিহালী কংগ্ৰেছৰ ১৭ খনকৈ মণ্ডলে নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি নেতা জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰাৰ বিৰোধিতা কৰিছে।

ইতিমধ্যে এই সম্পৰ্কে বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছলৈ মণ্ডল সমিতিসমূহে প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ আজি জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্টিত সংবাদ মেলত টিকট বিচাৰি জয়ন্ত বৰা কংগ্ৰেছলৈ আহিলে কংগ্ৰেছ কৰ্মীয়ে মানি নলয় বুলি জিলা সভাপতি দিলীপ বৰুৱাই সদৰি কৰে ৷

আনহাতে আজি চামগুৰিত প্ৰাক নিৰ্বাচিনকেন্দ্ৰীক সংঘাতত বিধায়ক নুৰুল হুদা আৰু শিৱমনি বৰাৰ বাহনত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা দিয়ে জিলা সভাপতি বৰুৱাই।

বিজেপিৰ প্ৰাৰ্থী পেনেলে সন্ত্ৰাসিত কৰিছে বিশ্বনাথ কংগ্ৰেছকঃ বিজেপি নেতাৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা...
উপবাস ভাঙিল জয়শংকৰৰঃ পাকিস্তানত কৰিব লাগিব 'ডিনাৰ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in