ডিজিটেল সংবাদ, বিশ্বনাথ : বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ গৈ গণ ৰোষত পৰিল চাৰিজনকৈ চোৰ। ছাগলী চুৰ কৰিবলৈ ব্যৱহাৰ কৰা বিলাসী বাহনৰ ওপৰতো ক্ষোভ জাৰিলে ৰাইজে। শিল-লাঠি-কাঠ যিয়ে যি পাইছে তাৰেই বিলাসী গাড়ীত আক্ৰমণ চলালে ৰাইজে। ঘটনাৰ স্থান বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত।
বহুদিনৰ পৰা বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ তিনিসুতি আৰক্ষী চাউনীৰ অন্তৰ্গত বৰঝাৰণী অঞ্চলত ছাগলী চুৰে সন্ত্ৰাস চলাই আহিছিল। এৰাল দিয়া ছাগলীৰ পৰা আৰম্ভ কৰি গৰালৰ পৰাও চোৰে চুৰি কৰিছিল ছাগলী। উক্ত বৰঝাৰণী অঞ্চলত চাৰিজনীয়া চোৰৰ দল এটাই এ এচ ০২ টি ৩৯৪৫ নম্বৰৰ এখন বিলাসী গাড়ী লৈ ছাগলী চোৰ কৰিবলৈ লোৱাৰ সময়তে হাতে-লুটে ধৰে স্থানীয় ৰাইজে।
ঘটনাৰ স্থানতেই চোৰ কেইটাক উত্তম মধ্যম সোধালে ক্ষোভিত ৰাইজে। পিছে সুযোগ বুজি পলায়ন কৰিবলৈ চেষ্টা কৰা চোৰ কেইটাৰ খবৰ তিনিসুতি আৰক্ষী চাউনীক দিয়াত আৰক্ষীৰ সহায়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে চোৰৰ দলটোক। আনহাতে বাহনখনত ৰাইজে আক্ৰমণ চলোৱাত সম্পূৰ্ণ ৰূপে ধ্বংস হয় বিলাসী বাহনখন। ছাগলী চোৰ কেইজন চতিয়াৰ চৰাইজনীয়া গাঁৱৰ সোণটি আলি, আনোৱাৰ, বাবু আৰু নুৰুল বুলি চিনাক্ত কৰিছে। উল্লেখ্য গাড়ীখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটাকৈ ছাগলী।