দৰিদ্ৰ ঘৰখন পোহৰাবলৈ কৰ্ম জীৱন আৰম্ভ কৰোঁতেই নিয়তিৰ কোলাত সুজিত...

দৰিদ্ৰ ঘৰখন পোহৰাবলৈ কৰ্ম জীৱন আৰম্ভ কৰোঁতেই নিয়তিৰ কোলাত সুজিত

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰ ঘৰখন পোহৰাবলৈ কৰ্ম জীৱন আৰম্ভ কৰোঁতেই নিয়তিৰ কোলাত সুজিত...

ডিজিটেল সংবাদ, বিশ্বনাথঃ দুখৰ সমস্ত বোজাৰে ভাৰাক্ৰান্ত বিশ্বনাথৰ এজন পিতাৰ কৰুণ কাহিনীয়ে বিচলিত কৰে যিকোনো লোকক । বিশ্বনাথৰ দুলু শইকীয়াই লাভ কৰা পুত্ৰ সুখো আছিল ক্ষনিকৰ । চকুলোৰে বাট নেদেখা অৱস্থা গড়েহাগী গাঁৱৰ দুৰ্ভগীয়া দুলুৰ ।

২০২২ চনৰ মে' মাহত বিশ্বনাথৰ গড়েহাগী গাঁৱৰ পৰা দেশমাতৃৰ সেৱাৰ বাবে অসম আৰক্ষীত যোগদান কৰিবলৈ একেলগে ৭জনকৈ যুৱক-যুৱতী ওলাই গৈছিল দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণস্থলীলৈ। একে লগে ৭জন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰাৰ বাবে এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল গাওঁখনত। এই ৭জনৰ ভিতৰত আছিল দৰিদ্ৰ কৃষক দুলু শইকীয়াৰ বৰপুত্ৰ সুজিত শইকীয়াও ৷

প্ৰায় আঢ়ৈমাহ যোৱাৰ পাছতে প্ৰশিক্ষণৰত অৱস্থাত হঠাৎ গা অসুস্থ হৈ পৰে সুজিতৰ। আৰু তাৰ পাছতেই ২০২২ চনৰ ৯ আগষ্টত যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি ল'ব লগীয়া হয় সুজিত শইকীয়াই ৷ চিকিৎসকৰ ৰিপৰ্ট অনুসৰি সুজিতৰ মৃত্যু হৈছিল জাপানীজ এনকেফেলাইটিছত, কিন্তু বিভাগীয় কৰ্তৃপক্ষই মৃত সুজিতৰ মৃত্যু ব্ৰেইন টিউমাৰৰ ফলত হোৱা বুলিহে জানিবলৈ দিছিল।

পৰিয়ালৰ অভিযোগ, ভুল চিকিৎসাৰ বাবেই প্ৰাণ গ'ল সুজিতৰ। সুজিত ঢুকোৱা আজি এবছৰ সম্পূৰ্ণ হ'বৰ হ'ল !পিছে আজি পৰ্যন্ত ন্যায় নাপালে প্ৰয়াত সুজিত শইকীয়াৰ দুৰ্ভগীয়া পৰিয়ালটোয়ে ৷ তদুপৰি বিভাগীয় কৰ্তৃপক্ষৰ কোনো বিষয়া-কৰ্মচাৰীয়ে খবৰ নল'লে পৰিয়ালটোৰ।

ন্যায় বিচাৰি কাৰ্যালয়ৰ দুৱাৰ গছকি গছকি সৰ্বস্ৰান্ত হৈ পৰিল দৰিদ্ৰ কৃষক দুলু শইকীয়া । অৱশেষত সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীক সকলো বিৱৰি কোৱাৰ। পিছে বহুকেইটা মেইল কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ পৰাও আজি পৰ্যন্ত নাহিল কোনো সহাঁৰি ৷ গাঁও সংগঠনৰ সহযোগত সকলোখিনি প্ৰয়াস কৰিও উত্তৰ শূন্য। কোনো ধৰণৰ চৰকাৰী সা-সুবিধা তথা ক্ষতি পূৰণ নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে পাবনে ন্যায় ?- এই প্ৰশ্ন গাঁওবাসীৰ।

আৰক্ষীৰ কনিষ্ঠবল চাকৰীত প্ৰয়োজন হোৱা সুজিতৰ সাজ-পোছাকৰ বাবে দৰিদ্ৰ পিতৃয়ে বন্ধকত ৰখা ৩বিঘা মাটিও আজি পৰ্যন্ত মুকলাব পৰা নাই। পৰিয়ালটোৰ আশা চৰকাৰে অতি শীঘ্ৰে পৰিয়ালটোত থকা দুজনকৈ চাকৰিৰ বাবে উপযুক্ত সুজিতৰ ভাতৃ-ভগ্নীক কিবা এটা সংস্থান দি মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিব। মৃত সুজিত শইকীয়াৰ পিতৃয়ে দুৰ্ঘটনাত নিজৰ ভগা ভৰি লৈ কল বেপাৰ কৰি এতিয়া পৰিয়ালৰ বুজা ল'বলৈ নোৱাৰা হৈছে, যাব বাবে কাবৌ কৰিছে চৰকাৰক।

Also Read: নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰঃ ৫০,০০০ আসন ব্যৱস্থাৰে পুনৰ নিৰ্মাণ...

Assam police GOVT OF ASSAM