ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম মৌজাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নং চন্দামাৰী বঙালী নিবাসী তথা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই আনুষ্ঠানিকভাৱে ত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদ। এই সংক্ৰান্তত তেওঁ যোৱা ২২ অক্টোবৰত গহপুৰ বিধান সভা সমষ্টি(পুৰণি)ৰ টকৌবাৰী গাঁও পঞ্চায়তৰ ১০ নং নিৰ্বাচনী বুথ সমিতিৰ সভাপতিৰ হাতত দাখিল কৰিছে দল ত্যাগৰ আনুষ্ঠানিক পত্ৰ।
পত্ৰখনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰি এতিয়াৰে পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ কোনো বিষয়ৰ লগত জড়িত নহয় বুলি স্পষ্ট কৰি দিছে।উল্লেখযোগ্য যে ২০২০ চনৰ ৩১ অক্টোবৰত মুখ্য কৰ আয়ুক্ত হিচাপে চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰাৰ পিছত হেমন্ত বিজয় মহন্তই সেই বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিজেপি দলত যোগদান কৰি দলটোৰ প্ৰাথমিক সদস্য পদ(সদস্য পদ নম্বৰ:-১৩৯৮) গ্ৰহণ কৰিছিল।
তেতিয়াৰে পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ লগত জড়িত হৈ পৰিছিল। স্মৰ্তব্য যে, ১৯৮৭ চনৰ ভাৰতীয় ৰাজহ সেৱা বিভাগৰ বিষয়া হেমন্ত বিজয় মহন্তৰ ১৯৮৭ চনৰ আগষ্ট মাহত চাকৰি জীৱনৰ আৰম্ভণি হৈছিল।প্ৰথমে চেন্নাইত চাকৰি জীৱনৰ আৰম্ভণি কৰা হেমন্ত বিজয় মহন্তই পৰবৰ্তী সময়ত দিল্লী আৰু শ্বিলঙত সুদীৰ্ঘ দিন কৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। পৰবৰ্তী সময়ত মুখ্য কৰ আয়ুক্ত হিচাপে ডিব্ৰুগড়ত যোগদান কৰা মহন্তই ডিব্ৰুগড়ত কাৰ্য্যনিৰ্বাহ কৰি থকা অৱস্থাত চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে।
চন্দামাৰী বঙালীৰ দৰে এখন পিছপৰা গাঁৱৰ ধূলি-বালিৰে উমলি ডাঙৰ-দীঘল হোৱা এসময়ৰ মেধাৱী ছাত্র হেমন্ত বিজয় মহন্তই হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰবৰ্তী সময়ত দিল্লীৰ জৱহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সময়ত তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি জীৱনৰ পাতনি মেলিছিল।অৱসৰৰ পিছত বিজেপি দলত যোগদান কৰি ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বাবে গহপুৰ সমষ্টিৰ পৰা বিজেপি টিকটৰ প্ৰবল দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও শেষ মূহুৰ্তত টিকট লাভৰ পৰা বঞ্চিত হৈছিল তেওঁ।
জীৱনৰ সুদীৰ্ঘ দিন এগৰাকী উচ্চ পদস্থ কৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰা হেমন্ত বিজয় মহন্তক বিজেপি দলটোৱে পৰবৰ্তী সময়ত দলীয় ভাৱে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।যোৱা প্ৰায় আঢ়ৈ-তিনিবছৰ ধৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা সাময়িক ভাৱে আতৰি থকাৰ পিছত হেমন্ত বিজয় মহন্তই বিজেপি দল ত্যাগ কৰাৰ খবৰে তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে গহপুৰৰ ৰাজনৈতিক ক্ষেত্ৰত।বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হেমন্ত বিজয় মহন্তই বিজেপি দল ত্যাগ কৰাৰ অন্তৰালত কি ৰাজনৈতিক অংক নিহিত হৈ আছে সেয়া অনাগত সময়ে নিশ্চিত কৰিব।
Also Read: পূজাস্থলীৰ দানপাত্ৰত প্ৰণামী হিচাপে আৰৱীয়ান মুদ্ৰা