চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা

চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা
Published on
Updated on

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিহলী সমষ্টিৰ বিয়াগোম বিজেপি নেতা তথা বিজেপিৰ বাঘমৰা মণ্ডলৰ সভাপতি দধীৰাম শৰ্মাৰ নাৰী কেলেংকাৰীৰ ভিডিঅ মোবাইলে মোবাইলে ভাইৰেল হোৱাৰ পিছতে শনিবাৰে তৎকালীনভাৱে মণ্ডলৰ সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হয় শৰ্মাক।

নেতা গৰাকীয়ে এগৰাকী মহিলাক চাকৰী দিয়াৰ প্ৰলোভন দেখুৱাই গুৱাহাটীৰ চেতক হোটেলত নৈশ যাপন কৰি থকা সময়তে হাতে লোটে পেলালে প্ৰেমিকাই। তাৰ পিছতে দুই প্ৰেমিকাৰ মাজত হোৱা দুৰ্বাদল কাজিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত।

পত্নীসহ ৩ সন্তানৰ পিতৃ এইজন বিজেপি নেতাৰ কৰ্মকাণ্ডত লজ্জিত বিশ্বনাথ জিলা বিজেপি। বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ সোহাত স্বৰূপ দধি ৰাম শৰ্মাৰ এই কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথ জিলাত।

নাৰী কেলেংকাৰীত জড়িত দধীৰাম শৰ্মাৰ বিৰুদ্ধে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি কয় যে, 'বেটী পঢ়াও বেটী বচাও'ৰ কথা কোৱা বিজেপিৰ নেতাৰ হাততে অসুৰক্ষিত নাৰী। ৰেচলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষন চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগৰ কথা উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে, বিজেপৰি উচ্চ পৰ্যায়ৰ নেতাৰ পৰা নিম্ন পৰ্যায়ৰ নেতালৈ কাৰো ওচৰতে নাৰী সুৰক্ষিত নহয়। লগতে ৰঞ্জিত দাসৰ ঘণিষ্ঠ হোৱাৰ বাবেই ভিডিঅ ভাইৰেল হোৱাৰ পিছতো ইমান দিনলৈ দধীৰাম শৰ্মাৰ বিৰুদ্ধে কোনো দলীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই।

চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা
এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in