ডিজিটেল সংবাদ, বিহালী : বিহালীত উপ নিৰ্বাচনৰ প্ৰচাৰত নামিছে বিজেপিৰ বাঘা বাঘা নেতা ৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে, সাংসদ কামাখ্যা প্ৰসাদ তাচা আদি কৰি বহু কেইগৰাকী চাহ জনগোষ্ঠীয় নেতাই ৷ লগতে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে মন্ত্ৰী পীযুষ হাজৰীকাই।
বিহালী সমষ্টিৰ ৰতোৱা পঞ্চায়তৰ ৰতুৱা পথাৰ, বিহপুখুৰী, ৰতুৱা বঙালী গাওঁৰ অন্তৰ্গত ২০, ২২ আৰু ২৭ নং বুথত বিজেপি সমৰ্থিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নেতাসকলে । ভাষণত ৰামেশ্বৰ তেলীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ থাকোতে আমাক সমষ্টিত কাম কৰিবলৈ দিয়া নাছিল ৷ যদিহে বিহালীত কংগ্ৰেছ জিকে তেন্তে আমিও কাম কৰিবলৈ নিদিও ৷
গৌৰৱ গগৈয়ে ৰাস্তা বনাম, দলং বনাম বুলি কৈ আছে ঠিকেই, পিছে তেঁওলোকৰ চৰকাৰেই নাই কেনেকৈ বনাব বুলি লগতে মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে ৷ আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈয়ে দিগন্ত ঘাটোৱাৰক চালানী প্ৰাৰ্থী বুলি কটাক্ষ কৰা সন্দৰ্ভত কয় যে তৰুণ গগৈয়ে ১৯৯৬ চনত মাৰ্ঘেৰিটাৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল ৷ তেঁও মাৰ্ঘেৰিটাৰ স্থানীয় প্ৰাৰ্থী আছিল নেকি বুলি কংগ্ৰেছক প্ৰশ্ন কৰে মন্ত্ৰী হাজৰীকাই ৷
Also Read: বিস্ময়ৰ সম্পাদক শশী ফুকনৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক