ডিজিটেল ডেস্কঃ যুৱতীক অশ্লীল ফটো বিচাৰি চৰ খোৱা আৰক্ষী বিষয়া লোহিত ৰাজবংশীৰ বিৰুদ্ধে গোচৰ ৰুজু। আই পি চিৰ IPCৰ ৩৫৪ (এ), ৩৫৪ (বি), ৩৫৪ (ডি)ৰ অধীনত গোচৰ ৰুজু হৈছে লোহিত ৰাজবংশীৰ বিৰুদ্ধে।
ইয়াৰোপৰি তথ্য প্রযুক্তি আইনৰ ৬৭ ধাৰাত আৰু অসম আৰক্ষী বিধি ২০০৭ৰ ৯৮(এ)ৰ অধীনতো গোচৰ ৰুজু হৈছে লোহিত ৰাজবংশীৰ বিৰুদ্ধে। লক্ষণীয়ভাৱে এই আটাইকেইটা ধাৰাই জামিনযোগ্য।
তেজপুৰ সদৰ থানাৰ পৰা জামিন লাভ কৰিছে বিষয়াগৰাকীয়ে। উল্লেখ্য যে, এগৰাকী কলেজীয়া ছাত্ৰীক সংস্থাপন দিয়াৰ নামত অশ্লীল ফটো বিচাৰিছিল লোহিত ৰাজবংশীয়ে।
ইয়াৰ পাছতে তেজপুৰৰ ৰাজপথত লোহিত ৰাজবংশীক ৰাজহুৱাকৈ চৰ দিয়াৰ লগতে আঠু কাঢ়ি ক্ষমা বিচাৰিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছিল। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে তৎকালীন ভাৱে লোহিত ৰাজবংশীক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে তদন্ত কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।
Also Read: হায় অসমীয়া ! মেঘালয়ত ILP ৰ চৰ্চাঃ অসমত সাম্প্ৰদায়িকতাবাদৰ কথা...