ডিজিটেল সংবাদ,ছয়দুৱাৰ : সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ এখন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ সভা দেওবাৰে গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্য্যকৰী সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে আজুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰে।
অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক কেন্দ্ৰীয় বিষয়ববীয়া আৰু কাৰ্য্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰা কাৰ্য্যকৰী সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হয়। অনুষ্ঠিত সভাই অসমৰ বান সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰে কৰি অহা আওকণীয়া মনোভাৱক গভীৰ উদ্বেগ প্ৰকাশ কৰে।
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে অসমৰ বান সমস্যাক আজিলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষণা কৰিব বুলি অসমৰ ৰাইজে বছৰৰ পিছত বছৰ ধৰি বাট চাই থকাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেটত অসমৰ বান সমস্যাৰ বিষয় উপেক্ষিত হৈ ৰোৱাত আজুৰ আজিৰ কাৰ্য্যকৰী সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে।
কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেটত অসমৰ বান সমস্যাৰ প্ৰতি কোনো ধৰণৰ বিশেষ পেকেজ ঘোষণা নকৰাত আজিৰ সভাই আশ্বৰ্য্য প্ৰকাশ কৰি অসমত শেহতীয়াভাৱে হোৱা প্ৰলংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা দুৰ্গত ৰাইজক উপযুক্ত চৰকাৰী সাহাৰ্য্য প্ৰদান কৰিবলৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। তদুপৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অসমৰ বান সমস্যাৰ সমাধানৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কঠোৰ দাবী উথাপন কৰে।
তদুপৰি অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ একাংশ দল-সংগঠনৰ নমনীয় স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে আজিৰ কাৰ্য্যকৰী সভাই। তদুপৰি সভাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সম্প্ৰচাৰ সেৱা(নিয়ন্ত্ৰণ) বিধেয়ক ২০২৩,ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন ২০২৩,প্ৰেছ আৰু সাময়িকী পঞ্জীয়ন আইন ২০২৩ আৰু তথ্য প্ৰযুক্তি সংশোধনী নিয়ম ২০২৩ ক সংবাদ মাধ্যমৰ স্বাধীনতাত হস্তক্ষেপৰ বাবে চলোৱাৰ প্ৰস্তুতি বুলি অভিহিত কৰি চৰকাৰৰ এনে প্ৰস্তুতিক গভীৰ উদ্বেগ প্ৰকাশ কৰে।
সভাই মতপোষণ কৰে যে চৰকাৰী নিয়ন্ত্ৰণ আৰু অযুক্তিকৰ নিষেধাজ্ঞাই নাগৰিকৰ জনাৰ অধিকাৰ হ্ৰাস কৰিব পাৰে। সেয়েহে নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ সুৰক্ষাৰ সমান্তৰালকৈ প্ৰস্তাৱিত আইন সমূহে ভৱিষ্যতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাধাৰ সৃষ্টি নকৰাতো নিশ্চিত কৰিবলৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰিও চলিত বৰ্ষৰ শেষৰফালে আজুৰ বঁটা প্ৰদান অনুষ্ঠান আজাৰাত অনুষ্ঠিত কৰা আৰু অসমীয়া ভাষাৰ সংকটত আজিৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই সম্পৰ্কে এক জনজাগৰণ সৃষ্টি কৰিবলৈ তেজপুৰত এখন অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।ইপেনে আজুৰ "সাংবাদিক কল্যাণ ন্যাস"ক অধিক গতিশীল কৰি তুলিবলৈ জ্যেষ্ঠ সাংবাদিক ৰাজেশ দত্ত আৰু ফাইজুৰ ৰহমানক ন্যাস কমিটিৰ মুখ্য আহ্বায়ক হিচাপে আজিৰ সভাই দায়িত্ব অৰ্পণ কৰে।
আজুৰ কাৰ্য্যনিৰ্বাহক সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিয়া ভাষণত গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকমণি বৰাই কয় যে সমাজক সঠিক পথেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম। প্ৰশাসন আৰু সংবাদ মাধ্যমৰ মাজত সম্পৰ্ক মধুৰ হ'লে কৰ্মত গতিশীলতা বৃদ্ধি পাই বুলি উল্লেখ কৰি লুকমণি বৰাই লগতে কয় যে আনুষ্ঠানিক সভা সমিতিয়ে সমাজৰ অভাৱ-অভিযোগ,সমস্যা আদি দূৰ কৰাত যথেষ্ট বৰঙণি যোগায়।
সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ভাষণ প্ৰসংগত মহকুমাধিপতি লুকমণি বৰাৰ প্ৰশাসনিক দক্ষতা, জনসম্পৰ্ক আৰু সামাজিক দায়বদ্ধতাক শলাগ লৈ কয় যে এটা মহকুমাই জনমুখী আৰু গতিশীল ৰূপ পাবলৈ হ'লে লুকুমণি বৰাৰ দৰে বিষয়াৰ প্ৰয়োজন আছে। বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা আজুৰ কাৰ্য্যনিৰ্বাহক সভাখনৰ পূৰ্বে একেখন মঞ্চত ছয়দুৱাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ৩০ গৰাকী ছাত্র-ছাত্ৰীক লৈ এখন অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।
"গণমাধ্যম,সংস্থাপন আৰু ছাত্র-ছাত্ৰীৰ ভূমিকা" শীৰ্ষক বিষয়ৰ অন্তৰংগ আলাপ অনুষ্ঠানটোৰ সঞ্চালনা কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: অঞ্জন কুমাৰ ওজাই। সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামীয়ে কয় যে ধৈৰ্য, একাগ্ৰতা আৰু সৃজনশীল চিন্তাৰ অধিকাৰী হোৱাৰ এটা মন লৈ আগবাঢ়ি গ'লেহে এগৰাকী সফল সাংবাদিক হ'ব পৰা যায়।
উক্ত অনুষ্ঠানত ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক আদিত্য গগৈ, বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালা উপস্থিত থাকে। দুয়োটা কাৰ্য্যসূচীতে উপস্থিত সকলোকে গহপুৰ মহকুমা সাংবাদিক সন্থাৰ হৈ সাংবাদিক ৰঞ্জিত শইকীয়া,মৃদুল কুমাৰ বৰা, ভুৱন শইকীয়া,ভাস্কৰ জ্যোতি ভূঞা, পল্লৱ বৰা,দ্বীপন দিহিংগীয়া, বিপ্লৱ নেওগ,মহেন্দ্ৰ পগাগ, প্ৰণৱজ্যোতি শইকীয়া,উৎপল নেওগে একোখনকৈ ফুলাম গামোচা আৰু এটাকৈ পিতলৰ বেজেৰে আদৰণি জ্ঞাপন কৰে।
Also Read: নিভাঁজ দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ প্ৰতীক তৰুণৰাম ফুকন...