চতিয়া গোৰ্খা সমাজৰ নাগৰিক সভা সম্পন্নঃ আতংকিত নহ'বলৈ আহ্বান পদ্ম হাজৰিকাৰ

অসম তথা ভাৰতবৰ্ষত গোৰ্খাসকলৰ অৱদান অনবদ্য,এই জনগোষ্ঠীয়ে এতিয়া আতংকিত হোৱাৰ কোনো কাৰন নাই- পদ্ম হাজৰিকা
চতিয়া গোৰ্খা সমাজৰ নাগৰিক সভা সম্পন্নঃ আতংকিত নহ'বলৈ আহ্বান পদ্ম হাজৰিকাৰ
চতিয়া গোৰ্খা সমাজৰ নাগৰিক সভা সম্পন্নঃ আতংকিত নহ'বলৈ আহ্বান পদ্ম হাজৰিকাৰ
Published on
Updated on

ডিজিটেল সংবাদ জামগুৰিঃ জামুগুৰিহাটৰ বাঁপুজী ভৱন পেক্ষাগৃহত বৃহত্তৰ চতিয়া গোৰ্খা সমাজৰ এখন প্ৰতিনিধিত্বমূলক নাগৰিক সভা বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হয়৷ গোৰ্খা সমাজৰ সভাপতি মতি কুমাৰ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰি দিয়া ভাষণ প্ৰসংগত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে, অসম তথা ভাৰতবৰ্ষত গোৰ্খাসকলৰ অৱদান অনবদ্য৷

আমাৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ গোৰ্খাসকলে দেশৰ সামৰিক শক্তিৰ পৰা আৰম্ভ কৰি শৈক্ষিক সামাজিক, সাংস্কৃতিক, সাহিত্য আদি সকলো ক্ষেত্ৰতে যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ গোৰ্খা জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে অসম চৰকাৰ সদায়েই দায়বদ্ধ৷

User

এই গোৰ্খা জনগোষ্ঠীৰ লোকসকলে এতিয়া আতংকিত হোৱাৰ কোনো কাৰন নাই৷ যিবিলাক কাৰনে গোৰ্খা জনগোষ্ঠীৰ মনুহক দুখ দিছিল, বিদেশী বুলি বা এন আৰ চিৰ ক্ষেত্ৰত যিবিলাক দুখ দিছিল ডি ভোটাৰক লৈ যিবিলাক দুখ আছিল ভূমিৰ অধিকাৰকলৈ চিন্তিত হৈছিল সেইবিলাক এতিয়া নোহোৱা হ'ল ৷ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত আজি গোৰ্খা জনগোষ্ঠীৰ লোকসকলে তিল মানো চিন্তা কৰিব লগা অৱস্থা নাই৷

মাটিৰ অধিকাৰ গোৰ্খাসকলে লাভ কৰিছে গতিকে দপদপাই আমাৰ মাটিত থাকিব পাৰিছে৷ এন আৰ চিলৈ আৰু ডি-ভোটাৰক লৈ চিন্তা নোহোৱা হ'ল৷ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনতে এই সকলোবোৰ বিষয় নিস্পত্তি হৈছে৷ এটা দুখ অৱশ্যে অলপ অলপ আছিল কাৰণ ৩৪২ গৰাকীয়ে আধাৰকাৰ্ড পোৱা নাছিল বাইয়মেট্ৰিকৰ কাৰণে৷ সেয়া চুপ্ৰিম ক'ৰ্টৰ এটা নিৰ্দেশৰ ওপৰত ভিত্তি কৰিয়ে কেন্দ্ৰীয় চৰকাৰৰ এটা বাধা আছিল৷

এই ক্ষেত্ৰত আমি লাগি আছিলো আৰু আমাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাতে ৯ লাখ অন্যজনগোষ্ঠীয় লোকে এতিয়া আধাৰকাৰ্ড আৰু ৰেচনকাৰ্ড পোৱাৰ ব্যৱস্থা কৰি দিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে৷ গোৰ্খা সমাজৰ সম্পাদক সঞ্জয় শৰ্মা কাৰ্যকৰি সভাপতি কিশোৰ দাহাল, উপদেষ্টা ধনপতি কাফলে বিশিষ্ট সমাজকৰ্মী ক্ষেমৰাজ ছেত্ৰী, শিক্ষক তথা সমাজকৰ্মী বিষ্ণু দাহাল আৰু বাৰেচহৰীয়া ভাওনা কমিটিৰ সম্পাদক জয়ন্ত বৰা আদিকে ধৰি বিশিষ্ট নাগৰিক আৰু বুদ্ধিজীৱিৰ উপস্থিতিত অনুষ্ঠি নাগৰিক সভাই সৰ্ব্ব সন্মতিক্ৰমে পূৰ্ব্বৰ বৃহত্তৰ চতিয়া গোৰ্খা সমাজৰ নাম সলনি কৰি বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজ হিচাবে নামাকৰন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

চতিয়া গোৰ্খা সমাজৰ নাগৰিক সভা সম্পন্নঃ আতংকিত নহ'বলৈ আহ্বান পদ্ম হাজৰিকাৰ
হিংসা জৰ্জৰ মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in