জামুগুৰিহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা : নদুৱাৰ কংগ্ৰেছৰ বুথ লেবেল প্ৰশিক্ষণ শিবিৰ

জামুগুৰিহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা : নদুৱাৰ কংগ্ৰেছৰ বুথ লেবেল প্ৰশিক্ষণ শিবিৰ
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ সূৰ্যোদয় ভৱনত শুকুৰবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় নদুৱাৰ কংগ্ৰেছৰ বুথ লেবেল প্ৰশিক্ষণ শিবিৰ। নদুৱাৰ ব্লক কংগ্ৰেছৰ অধীনস্থ ৭২গৰাকী বিএলঅ'ক লৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰৰ কাৰ্য্যসূচীৰ আতঁ ধৰে সভাপতি জগত বৰাই।

শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰশিক্ষণ শিবিৰটি। শিবিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা,প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, লক্ষীমপুৰ জিলা কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ মুখপাত্ৰসহ কেইবাগৰাকীও কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে ৷

শিবিৰটিত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিদৰে পৰিকল্পনা প্ৰস্তুত কৰিব সেই উদ্দেশ্য আগত ৰাখিয়েই ৰাজ্যিক,জিলা আৰু সমষ্টি পৰ্যায়ত এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰাৰ হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। কংগ্ৰেছৰ বিষয়ববীয়াসকলে বৰ্তমানৰ বিজেপি দলৰ নীতি আদৰ্শক তীব্ৰ সমালোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত এই মিথ্যাচাৰী দলক উচিত প্ৰত্যুত্তৰ দি শাসনৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে কৰ্মীসকলক একগোট হৈ দলৰ কাম কাজ কৰিব যাবলৈ আহ্বান জনায় ।

সভাত প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৬ খন আসন লাভ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে। তেওঁ কয় যে, কংগ্ৰেছ দলৰ উৰ্ধতম কৰ্তৃপক্ষই যদি প্ৰাৰ্থী বাচনি সঠিকভাৱে কৰে তেন্তে ৯ খনকৈ আসন লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰে ৷

জামুগুৰিহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা : নদুৱাৰ কংগ্ৰেছৰ বুথ লেবেল প্ৰশিক্ষণ শিবিৰ
লামডিং আৰক্ষীৰ অভিযানত ট্ৰাকভৰ্তি তামোল জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in