গহপুৰত শিক্ষা বিষয়াৰ হৈ দুই প্ৰধান শিক্ষকৰ দালালী...

গহপুৰত শিক্ষা বিষয়াৰ হৈ দুই প্ৰধান শিক্ষকৰ দালালী...

author-image
Asomiya Pratidin
New Update
গহপুৰত শিক্ষা বিষয়াৰ হৈ দুই প্ৰধান শিক্ষকৰ দালালী...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰা ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসক শুকুৰবাৰে ঘোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কাৰ্য্যলয়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ পিছত হৰিপ্ৰসাদ দাসৰ একাধিক কু-কৃৰ্তি পোহৰলৈ আহিছে। অভিযোগ অনুসৰি-বিদ্যালয় পৰিদৰ্শন কৰাৰ গইনা লৈ সামান্য ভূলৰ অজুহাতত সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা বন্ধ কৰা আৰু চাকৰিৰ পৰা নিলম্বিত কৰাৰ ভাবুকিৰে মোটা অংকৰ উৎকোচ সংগ্ৰহ কৰি আহিছিল হৰিপ্ৰসাদ দাসে।

সেই অনুসৰি প্ৰায় ৪ শতাধিক উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয় থকা গহপুৰ মহকুমাৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ সৰলতাৰ সুযোগ লৈ মাহে লক্ষাধিক টকাৰ উৎকোচ সংগ্ৰহ কৰি আহিছিল ঘোচখোৰ শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসে। নিত্য-নতুন নিয়ম উলিয়াই শিক্ষক সমাজক হাৰাশাস্তি কৰি সেই নিয়ম পালন কৰিব নোৱাৰিলেই শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ভয় দেখুৱাই বিদ্যালয় পৰিদৰ্শন কৰাৰ অভিযানটোক ধন ঘটাৰ কাৰখানাত পৰিণত কৰি অহা শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসে টকৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমলা কাৰ্কীৰ দৰে বহু সহজ-সৰল শিক্ষকৰ পৰা উৎকোচ সংগ্ৰহ কৰিছিল।

শিক্ষা বিষয়া গৰাকীৰ ৰোষত পৰাৰ ভয়ত কমলা কাৰ্কীয়ে এতিয়ালৈকে বহু পৰিমাণৰ ধন উৎকোচ হিচাপে দিবলগীয়া হৈছে হৰিপ্ৰসাদ দাসক। শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ এই ধন ঘটাৰ কাৰবাৰটোত মধ্য ভোগী দালালৰ ৰূপত অৱতীৰ্ণ হৈ হাত উজান দি অহাৰ অভিযোগ উথাপন হৈছে দীঘলীপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দোলন বৰা আৰু ঘগৰা ফৰেষ্ট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্খিত তাঁতীৰ বিৰুদ্ধে।

এইক্ষেত্ৰত ভুক্তভোগী শিক্ষক-শিক্ষয়িত্ৰীসকলে সংবাদ মাধ্যমৰ আগত অভিযোগ উথাপন কৰি কয় যে, এই দুই প্ৰধান শিক্ষকে পাঠদানৰ পৰা বিৰত থাকি হৰিপ্ৰসাদ দাসক মটৰ চাইকেলত তুলি বিদ্যালয়ে বিদ্যালয়ে ঘূৰাই ফুৰাইছিল। একাধিক বিদ্যালয়ৰ সামান্য ভুল-ত্ৰুটীক শিক্ষা বিষয়াগৰাকীৰ চকুৰ আগলৈ আনি সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকৰ পৰা উৎকোচ লোৱাৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত উক্ত দুই প্ৰধান শিক্ষকে আগভাগ লৈ আহিছিল বুলি অভিযোগত প্ৰকাশ পাইছে। সতীৰ্থ শিক্ষক-শিক্ষয়িত্ৰীসকলক খালত পেলাই ৰং চোৱাৰ দৰে নিকৃষ্ট কাৰ্য্যত লিপ্ত হোৱা এই দুই প্ৰধান শিক্ষক ক্ৰমে দোলন বৰা আৰু অৰ্খিত তাঁতীৰ বিৰুদ্ধে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী একেবাৰে নাৰাজ বুলি জানিব পৰা গৈছে।

ঘোচখোৰ শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ লগত দহৰম-মহৰম কৰি অহা এই প্ৰধান শিক্ষক দুজনৰ ভিতৰৰ অৰ্খিত তাঁতীয়ে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অজ্ঞাতে হৰিপ্ৰসাদ দাসক বিশ্বনাথৰ ডি.আই পদলৈ পদোন্নতি কৰিবলৈ অনুৰোধ জনাই স্থানীয় বিধায়কক শিক্ষক সন্মিলনীৰ হৈ স্মাৰক পত্ৰ দিয়াৰ আন এক অভিযোগ উথাপন হৈছে।যাৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অৰ্খিত তাঁতীক জৱাবদিহী কৰা বুলি জানিব পৰা গৈছে।

ইপিনে বিদ্যালয়ত পাঠদান নকৰি শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসক নিজৰ মটৰ চাইকেলৰ পিছফালে উঠাই বিদ্যালয়ে বিদ্যালয়ে ঘূৰাই ফুৰোৱাৰ ঠিকা লোৱা দীঘলীপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দোলন বৰাই সম্পূৰ্ণ নীতি বহি:ভূতভাৱে বৈকুণ্ঠ গগৈ নামৰ এগৰাকী যুৱকক হাজিৰা ভিত্তিত পাঠদানত নিয়োজিত কৰি পাঠদানৰ প্ৰতি পিঠি দি আহিছে। বিদ্যালয়খন স্থানীয় এগৰাকী যুৱকক ঠিকাত দি কেতিয়াবা শিক্ষা বিষয়াগৰাকীৰ পিছে পিছে আৰু কেতিয়াবা নিজৰ ট্ৰেক্টৰৰ পিছে পিছে ব্যাৱসায়ৰ কামত ঘূৰি ফুৰা দোলন বৰাৰ অনিয়ম সমূহক লৈ শিক্ষা বিষয়া গৰাকী চকু মুদা কুলী যদিও স্থানীয় শৈক্ষিক সমাজ দোলন বৰাৰ কাম কাজক লৈ অকণো সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে।

Also Read: মহানগৰীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চৰম অব্যৱস্থাপনা

education department of assam