ডিজিটেল সংবাদ বিহালীঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ জনসাধাৰণৰ যোগাযোগ সূচল কৰি তুলিবলৈ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেইসময়তো বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত জিনজিয়া গাওঁ পঞ্চায়ত এলেকাৰ পশ্চিম জিনজিয়াৰ গ্ৰাম্যপথটোৰ যাতায়ত ব্যৱস্থা সূচল নহ'ল৷
উল্লেথ্য যে ,বিগত প্ৰায় ১০ বছৰ কালৰো অধিক অতি কৰ্দযময় অৱস্থাৰে পশ্চিম জিনজিয়া অঞ্চলবাসীয়ে যাতায়ত কৰিবলগা হৈছে যদিও আজিকোপতি বিহালীৰ বিধায়কৰ পৰা বাঘমৰা উন্নয়ন, খণ্ডৰ বিষয়া-কৰ্মচাৰীৰ কৃপা দৃষ্টিত নপৰিল৷ ফলত অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে৷
আনহাতে, বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰতোৱা মাদুৰলি -জিনজিয়া সংযোগী গ্ৰাম্য পথছোৱাৰো অৱস্থা জৰাজীৰ্ণ৷ দীৰ্ঘদিনৰ পৰা পথছোৱাই দেখা নাই এটাও শিলগুটি ৷ ফলস্বৰূপে পথছোৱায়েদি দৈনিক অহা যোৱা ছাত্ৰ-ছাত্ৰী সমাজৰ লগতে সাধাৰণ জনতাৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন স্থানীয় ৰাইজ৷
গুৰুত্বপূৰ্ণ যে, বিহালীৰ স্থানীয় বিধায়ক তথা বৰ্তমানৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি থকাৰ সময়ত ৰতোৱা -মাদুৰালি জিনজিয়া সংযোগী পথছোৱাৰ বাকী থকা অংশ ব্লক ইটাৰে নিৰ্মাণৰ কৰা দিয়াৰ প্ৰতিশ্ৰুতিৰ দিছিল যদিও কাৰ্যত পথছোৱা সূচল হৈ নুঠিল৷
ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ৰাজহুৱা প্ৰতিশ্ৰুতি এতিয়া কেৱল সাধুত পৰিণত হ'ল৷ অতিসম্প্ৰতি বিহালী সমষ্টিৰ পশ্চিম জিনজিয়া আৰু ৰতোৱা -মাদুৰালি -জিনজিয়া সংযোগী পথটোৰ যোগাযোগ সূচল ব্যৱস্থা কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে৷
Also Read: বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ...